লীলা/সৰ্গ-১২
পৰিল নিজম পুৱা, সৃষ্টি-উৎপাত;
মিটিকালে বতৰৰ কলা-পৰা মুখে।
সলালোঁ গাড়ীৰ গৰু, 'গাড়োৱান' তাৰ,
নতুন যোগান লই; আগুৱালোঁ পুনু
নতুন উছাহে ধীৰে-শাঁতে। নিটিকালে
ধীৰে ধীৰে সাংসাৰিক লীলা। পাহৰিলোঁ
পাৰ হোৱা সৃষ্টি-লীলা, অপায় অপাৰ।
দ্বিতীয় যোজন পথ, ক্ৰমে অতিক্ৰমি
পালোঁ গই পুন্যস্থান, আতি বিতোপন।
নামত গৰম পানী। পবিত্ৰ নিজৰা।
উতলিছে সদা। তাপিত হিয়াৰ যেন
উগাৰিছে শোক-অশ্ৰু ধৰণী মাতৃয়ে।
পৱিত্ৰ ধাৰেৰে তাৰ বাগৰিছে নই।
চেঁচনি উপমা ধৰা। হৃদয়ৰ তাপ-ভাপ
পৰিছে উপচি যেন, পানীকৃত হই;
আত্ম বুজনিত। নৰক আদৰ্শ থল।
চউপাশে বনভাগ গহীন গম্ভীৰ;
চৰিছে নিজম ভাব শান্তি-প্ৰকৃতিৰ।
গঁড়ালত বন্ধা থকা ৰাজহংস জাকে
লভিলে মেলানি যেনে পুখুৰী পানীত,
ওপঙ্গি বিভোল হয়, উলাহিত মনে;
কোলাৰ শিশুৱে নামি পালে ধুলি-খেলা,
কোমল প্ৰাণত যেনে আনন্দ নধৰে;
সামাজিক গঁড়ালত বন্ধা থকা নাৰী,
গাড়ী-গঁড়ালৰপৰা চালুকীয়া লীলা
নামিল যেতিয়া গই নিজৰা পাৰত,
উপচি পৰিল প্ৰাণে আনন্দ অপাৰ,
আচৰিত শোভা দেখি সৃষ্টি-লীলা গাত!
নীৰলে নিটাল মাৰি চায় চউপাশে,
চাহনিৰ কেন্দ্ৰ ৰাখি নিজৰা বুকত;
সলায় জেউতি ক্ষণে মুখ-দাপোনৰ,
কি যে ভাব কিবা কথা খেলাই প্ৰাণত!
আছিলোঁ নীৰৱে চাই লীলা-মিলামিলি,
নিলগৰপৰা। অপূৰ্ব্ব মিলন জ্যোতি
প্ৰতিভাত অহ, সংসাৰী-প্ৰকৃতি-লীলা!
প্ৰাণে-এৰা দেহাপ্ৰায়, ভাবত বিভোল,
আছিলোঁ পুতলা হই। উত্ৰাৱল প্ৰাণে,
উৰি আহি হাঁয় সাবটি ধৰিলে ডিঙ্গি,
ভাবে-ধৰা লীলা মোৰ, বাহুলতা-মেলি।
বিচাৰিলে মিখামুখে, তাপ নিজৰায়,
অপৰূপ সৃষ্টি-লীলা উদ্ভৱ কাৰণ।
বুজালোঁ সাদৰে; বুজিলোঁ যি ভাৱে মই
কবিৰ কল্পনা ধাৰে লই, পৃথিবীৰ
তাপভৰা অন্তৰৰ কথা। লীলা মোৰ
আপুনি কবিতা। মিলিলে কল্পনা বিভা,
সৌন্দৰ্য বুকুত যেনে প্ৰকৃতিৰ শোভা।
শলাগিলে ব্যাখ্যা মোৰ, শলাগী-হাঁহিৰে।
কি যে ভাবে হিয়া মোৰ কৰিলে বিভোল!
বুকুত চপাই ধৰি, হাঁহি সুৱগাৰে,
দিলোঁ এটি হিয়া-ছেপা, আবেগ বান্ধেৰে;
শুজিলোঁ শলাগ-ঋণ। লগালে লীলাই,
পুনু বেঁকা চাহনিৰে, ওপৰঞ্চি ঋণ;
ওঁঠেৰে অমিয়া চুহি দিলোঁ প্ৰতিদান।
সুমৰি চমকি প্ৰিয়া, জুৰিলে আলচ,
আহাৰ ব্যৱস্থা কথা। ভাগিল নিমেষে
দিঠকৰ স্বপ্ন মোৰ, অতৃপ্ত সুখৰ।
দিহালোঁ যুগুত, যিৱা প্ৰৱাস সম্ভৱ,
বান্ধোনৰ আগলি যোগান। প্ৰিয়া মোৰ
শুদ্ধভাৱে উঠিল ৰান্ধনী। —জীৱনত
গৃহিনী ৰান্ধনী পোনে নিজৰা পাৰত।
উতলি অন্নৰ পাক মিলে বকবক,
প্ৰকৃতি বান্ধোন শাল, নিজৰাৰ সতে;
মিলিল বান্ধনী দুটি লীলা-প্ৰতিভাৰ।
চোঁচনি চাহনি মাৰি এফলীয়া হই,
পেলালো চেঁচনি চকু, সজাগৰে থকা,
হিয়াৰ পোৰণি আৰু, বিপদ হেঁচাত।
বহিলোঁ পাতত পাচে, পাত আসনত,
পৰিল যেতিয়া মোত্ ভোজনৰ ডাক।
সমুখত বহি লীলা ধৰিলে যোগান,—
বিশ্বেশ্বৰ পাতে যেনে অন্নপূৰ্ণা ৰাণী।
অপূৰ্ব ভোজন সুখ ভুঞ্জালে প্ৰাণক,
ক্ষুধাৰ অগনি সতে শান্তি সুধা মিলি,
প্ৰিয়া-সুগন্ধত। দেখিলোঁ জগত তুষ্ট
অৰ্দ্ধেক ভাগত; অৰ্দ্ধ-আত্মা তুষ্ট যেৱে।
বহিলোঁ সুস্থিৰ হই এপাশে নীৰৱে।
ধোঁৱাপান আয়মেৰে। ইহাতে মুহুদি।
নোচোৱাৰ ভাৱে চাওঁ, বেঁকা চাহনিৰে,
পূৰ্ণ-আত্মা তুষ্ট হোৱা, প্ৰিয়া-ভোজনত;—
লগুৱাক অন্ন দান কৰি সমাপন,
অৱশিষ্ট ভাগ মোৰ, ভোজন পাতত
পৰম সন্তোষে অহ, ধৰিলে চপাই,—
সাক্ষাৎ দ্ৰৌপদী, অতিথি-ভোজেন পাচে।
ধোঁৱাতান দীঘলীয়া; থাকি থাকি বয়,
ভাঁৱৰ কঁপনি লাগি। বাগৰি পৰিল,
মুহুদি হাতৰ; দিঠকক সপোনত,
মুকলি হাতৰ মুঠি! নাচনী চকুৱে
ধৰে থিৰ ভাৱ; ভেলেঙ্গী-চাহনি ধৰি,
একেঠৰে ৰল চাই প্ৰিয়া-মুখলই।
পৰিলোঁ বিষম ধৰা, চকুত চকুৱে;
কোঁচালে থোৰালি হাত, লাজুকী লীলাই,
লাগি লাজ-সুৰামূৰি। লুকালে মুখানি
ওৰণী আশ্ৰয় টানি। বাজিল প্ৰাণত
অনুতাপ শেল, ভোজন-বিঘিনি হই।
লৰি গই কাষলই, বুজালোঁ কতনা;
কতনা উছাহ কথা, মৰমেৰে সনা।
কতনা যতন পাচে কত চিপিয়নি,
অনুৰোধ ৰাখে মোৰ। বিফল বাসনা;
লজ্জাৱতী লীলাৱতী, নোৱাৰিলে হাঁয়
এৰাব লাজৰ হাত। হলোঁ এফলীয়া,
অগত্যা আঁতৰ হই, ইচ্ছা প্ৰতিকূলে।
পূৰ্ণ বন-ভাত ৰান্ধনী ভোজন পাচে।
তুষ্ট হল পূৰ্ণ আত্মা, পূৰ্ণ ভোজনত।