পৃষ্ঠা:লীলা.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
লীলা

অপৰূপ সৃষ্টি-লীলা উদ্ভৱ কাৰণ।
বুজালোঁ সাদৰে; বুজিলোঁ যি ভাৱে মই
কবিৰ কল্পনা ধাৰে লই, পৃথিবীৰ
তাপভৰা অন্তৰৰ কথা। লীলা মোৰ
আপুনি কবিতা। মিলিলে কল্পনা বিভা,
সৌন্দৰ্য বুকুত যেনে প্ৰকৃতিৰ শোভা।
শলাগিলে ব্যাখ্যা মোৰ, শলাগী-হাঁহিৰে।
কি যে ভাবে হিয়া মোৰ কৰিলে বিভোল!
বুকুত চপাই ধৰি, হাঁহি সুৱগাৰে,
দিলোঁ এটি হিয়া-ছেপা, আবেগ বান্ধেৰে;
শুজিলোঁ শলাগ-ঋণ। লগালে লীলাই,
পুনু বেঁকা চাহনিৰে, ওপৰঞ্চি ঋণ;
ওঁঠেৰে অমিয়া চুহি দিলোঁ প্ৰতিদান।
সুমৰি চমকি প্ৰিয়া, জুৰিলে আলচ,
আহাৰ ব্যৱস্থা কথা। ভাগিল নিমেষে
দিঠকৰ স্বপ্ন মোৰ, অতৃপ্ত সুখৰ।
দিহালোঁ যুগুত, যিৱা প্ৰৱাস সম্ভৱ,
বান্ধোনৰ আগলি যোগান। প্ৰিয়া মোৰ
শুদ্ধভাৱে উঠিল ৰান্ধনী। —জীৱনত
গৃহিনী ৰান্ধনী পোনে নিজৰা পাৰত।
উতলি অন্নৰ পাক মিলে বকবক,
প্ৰকৃতি বান্ধোন শাল, নিজৰাৰ সতে;
মিলিল বান্ধনী দুটি লীলা-প্ৰতিভাৰ।
চোঁচনি চাহনি মাৰি এফলীয়া হই,