পৃষ্ঠা:লীলা.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২৬
লীলা।

চউপাশে বনভাগ গহীন গম্ভীৰ;
চৰিছে নিজম ভাব শান্তি-প্ৰকৃতিৰ।
গঁড়ালত বন্ধা থকা ৰাজহংস জাকে
লভিলে মেলানি যেনে পুখুৰী পানীত,
ওপঙ্গি বিভোল হয়, উলাহিত মনে;
কোলাৰ শিশুৱে নামি পালে ধুলি-খেলা,
কোমল প্ৰাণত যেনে আনন্দ নধৰে;
সামাজিক গঁড়ালত বন্ধা থকা নাৰী,
গাড়ী-গঁড়ালৰপৰা চালুকীয়া লীলা
নামিল যেতিয়া গই নিজৰা পাৰত,
উপচি পৰিল প্ৰাণে আনন্দ অপাৰ,
আচৰিত শোভা দেখি সৃষ্টি-লীলা গাত!
নীৰলে নিটাল মাৰি চায় চউপাশে,
চাহনিৰ কেন্দ্ৰ ৰাখি নিজৰা বুকত;
সলায় জেউতি ক্ষণে মুখ-দাপোনৰ,
কি যে ভাব কিবা কথা খেলাই প্ৰাণত!
আছিলোঁ নীৰৱে চাই লীলা-মিলামিলি,
নিলগৰপৰা। অপূৰ্ব্ব মিলন জ্যোতি
প্ৰতিভাত অহ, সংসাৰী-প্ৰকৃতি-লীলা!
প্ৰাণে-এৰা দেহাপ্ৰায়, ভাবত বিভোল,
আছিলোঁ পুতলা হই। উত্ৰাৱল প্ৰাণে,
উৰি আহি হাঁয় সাবটি ধৰিলে ডিঙ্গি,
ভাবে-ধৰা লীলা মোৰ, বাহুলতা-মেলি।
বিচাৰিলে মিখামুখে, তাপ নিজৰায়,