লীলা/সৰ্গ-১১
সমাপন শুভকাৰ্য্য। দিন তিনি পাচে
ৰঙপুৰী বহাঘৰ এৰি দিহাদিহি,
পিতৃ-মাতৃ চৰণত লভিলোঁ আশীষ।
উলটিলোঁ প্ৰিয়া স'তে পৰ্ব্বত উদ্দেশি,
ৰাজকাৰ্য্য য'ত। বাটৰুৱা দিন চাৰি
জ্যেষ্ঠাৰ সঙ্গত। নাছিল ভাবনা মোৰ
পথ-সম্বলৰ, সহোদৰা যতনত।
দিন সাত জিৰণিত; জ্যেষ্ঠাৰ বহাত,
গোলাঘাট চহৰত। কৰিলে শুশ্ৰূষা
দেবী, নিজ মাতৃৱত, অপত্য স্নেহত।
জ্ঞান-উপদেশ দিলে নৱ সংসাৰৰ,
দ্বাদশত-ভৰি-সিয়া নৱ বোৱাৰীক।
বন্দি-পাম-পদ্মযুগ মাগিলোঁ বিদায়;—
আহিলোঁ যোজন পথ, এৰি সেই ঠাই।
পতি, পত্নী আৰু এটি লগুৱা সাৰথি।
গোযান বাহন। প্ৰৱেশিলোঁ আহি ক্ৰমে
অৰণ্যৰ মুখভাগ, সন্ধিয়া পৰত।
দোৰ্ঘোৰ বাৰিষা; তাতে কৃষ্ণপক্ষ কাল,—
দ্বিতীয়াৰ অন্ধকাৰ ৰাতি। পঙ্কাকুল
বাট-ঘাট, নাই কতো থিয়-দিয়া ঠাই!
নুমূৰে গাড়ীৰ চকা, নেটানে বলদে।
অসহ যাতনা মাথোঁ নিমাখিত প্ৰাণে!
নিৰুপায়, নিসহায়, আন্ধাৰ জগত।
বুদ্ধিৰ মূৰত পৰিল কুঠাৰৰ ঘাপ্;
এসেহি আপদে যেন ঘোৰ মূৰ্ত্তি ধৰি।
আতুৰা লীলাৰ মুখে আতুৰে ফুটিল,
“ই কি লীলা বিধাতা তোমাৰ!”—দেখা গল,
পজা এটি, এছলীয়া, বাটৰ কাষত।
চাপিলোঁ ওচৰ তাৰ, প্ৰবোধি মনত;
বিচাৰিলোঁ যথাৱত জিৰণি যুগুত।
চিন্তা নাই মোৰ হন্তে; বিদৰিল হিয়া,
দেখি প্ৰিয়া-মুখ হাঁয়, আতঙ্কত ম্লান।
বঞ্চিলোঁ সি ৰাতি, অনাহাৰে সজাগৰে।
কুমলীয়া লীলা মোৰ ভয়-ভাগৰত,
নতুন বিপদ মুখে, নতুন পথিক
ক্ষন্তেক জিৰণি ললে, শঙ্কাকুল প্ৰাণে,
শিতান কোলাত মোৰ! নীৰলে, নীৱৰে,
আছোঁ চাই লালকাল মুখানি প্ৰিয়াৰ!।
‘গাড়োৱান' গাড়ী স'তে, লগুৱা কাষত,
টোপনিৰ তাল-ধৰা। জ্বলে এটি বন্তি
ছালিৰ ছালত অৰা। লাজুকী জোনায়ে
ভুমুকনি মাৰে, ডাৱৰ-ওৰণী ফালি।
সেই সুযোগতে হাঁয়, প্ৰিয়া-মুখ-জ্যোতি
চাওঁ প্ৰাণভৰি, মিলাই আদৰ্শ সতে;
নিমিষে নেদেখা হওঁ, অপায় শতেক,
আনন্দ নধৰে প্ৰাণে। পৰিল একলা
সৃষ্টি-লীলা-জ্যোতি, কোলাৰ লীলাত মোৰ।
পূৰ্ণাঙ্গত গল মিলি, সাংসাৰিক লীলা,
অনন্তত লয় যেন প্ৰশ্বাসৰ বায়ু।
চমকি উঠিলোঁ পুনু, আতঙ্ক প্ৰাণত,
সমুখত ৰূদ্ৰমূৰ্ত্তি যেন দেখা পাওঁ।
সঙ্কেতে বুজালে হাঁয়, সংসাৰ-বিপদ,—
অন্ত নাই, আছে আৰু ছেগ অপেক্ষাত।
হৃদয়ত বান্ধি বল, লাগিব যুঁজিব,
বিপদৰ ধুমুহাৰ প্ৰতিকূলে গতি।
অকস্মাৎ গৰ্ গৰ্ গভীৰ গাজনি?
বেঁকাবেঁকি চমকনি, বিজুলী ৰেখাৰ;
মাজে মাজে ঢেৰেকেনি, কাণ-টাল-মৰা।
আৰু যত বিপদৰ গহীন পাতনি
প্ৰকৃতিৰ ভাগে ভাগে বিৰিঙ্গি ওলাল।
বিপদীয়া এটি জীৱ সজাগৰে মাথোঁ
লাগিলোঁ তবধ। ভাবিলোঁ সৃষ্টিৰ লীলা;—
এয়েনে কি সংসাৰৰ ধাৰেবোৱা সুখ।
থাকোঁতে নিটাল মাৰি, ভাবত বিভোল।
শোঁ-শোঁ শব্দে ধুমুহাৰ ঘোৰ গোজৰণি
আহিল পাকনি মূৰে - বলেৰে প্ৰৱেশি
পজাৰ ভিতৰ। ক্ৰোধৰ কাৰণ তাৰ
নুবুজিলোঁ একো। থমকনি খাই উঠে
বন্তিৰ পোহৰ, বিলাতী দাপোন তলে।
ভয়ত ঘুকুচা-খোৱা, মাদলীটি যেন
নিদ্ৰিতা পথিক লীলা; উচপনি খাই
উৰুত সাৱটি ধৰে টোপনি ভোলত
বিপদৰ ধৰি গম, শঙ্কাকুলা প্ৰিয়া।
চাওঁতে চাওঁতে হাঁয়, উগ্ৰমূৰ্ত্তি ধৰি,
ঘূৰিলে পৱন পুনু, প্ৰলয়-সংহাৰী।
ঘূৰণি পাকনি কত, নিঠুৰ ভাবৰ;
প্ৰকাশি প্ৰলয় বল, উৰালে পজাটি,—
নিলগত থানবান এছলীয়া ছালি।
ক্ৰোধৰ চেপনি শালে কৰ্ কৰ্ কৰি
ছেপিলে যতেকমানে আকাশী ডাৱৰ;
বৰষিল ধাৰাষাৰে উদং শিৰত
বিপদৰ বৰষুণ, দুৰ্যোগ চৰাই।
চমকি উঠিল লীলা। আৰ্ত্তৰাৱ এটি
হৃদয় বিদাৰি ৰোষ উঠিল গগণে।—
আজিও বাজিছে হাঁয়, প্ৰতিধ্বনি তাৰ
হৃদয়ৰ অন্তঃস্থল জুৰি। সুধিলোঁ মনত,
"তোমাতে কি থিতি, মোৰ সাংসাৰিক লীলা
অতনা দুৰ্যোগ খেলা মায়া সংসাৰৰ।”