পৃষ্ঠা:লীলা.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২৮
লীলা


পেলালো চেঁচনি চকু, সজাগৰে থকা,
হিয়াৰ পোৰণি আৰু, বিপদ হেঁচাত।
বহিলোঁ পাতত পাচে, পাত আসনত,
পৰিল যেতিয়া মোত্ ভোজনৰ ডাক।
সমুখত বহি লীলা ধৰিলে যোগান,—
বিশ্বেশ্বৰ পাতে যেনে অন্নপূৰ্ণা ৰাণী।
অপূৰ্ব ভোজন সুখ ভুঞ্জালে প্ৰাণক,
ক্ষুধাৰ অগনি সতে শান্তি সুধা মিলি,
প্ৰিয়া-সুগন্ধত। দেখিলোঁ জগত তুষ্ট
অৰ্দ্ধেক ভাগত; অৰ্দ্ধ-আত্মা তুষ্ট যেৱে।
বহিলোঁ সুস্থিৰ হই এপাশে নীৰৱে।
ধোঁৱাপান আয়মেৰে। ইহাতে মুহুদি।
নোচোৱাৰ ভাৱে চাওঁ, বেঁকা চাহনিৰে,
পূৰ্ণ-আত্মা তুষ্ট হোৱা, প্ৰিয়া-ভোজনত;—
লগুৱাক অন্ন দান কৰি সমাপন,
অৱশিষ্ট ভাগ মোৰ, ভোজন পাতত
পৰম সন্তোষে অহ, ধৰিলে চপাই,—
সাক্ষাৎ দ্ৰৌপদী, অতিথি-ভোজেন পাচে।
ধোঁৱাতান দীঘলীয়া; থাকি থাকি বয়,
ভাঁৱৰ কঁপনি লাগি। বাগৰি পৰিল,
মুহুদি হাতৰ; দিঠকক সপোনত,
মুকলি হাতৰ মুঠি! নাচনী চকুৱে
ধৰে থিৰ ভাৱ; ভেলেঙ্গী-চাহনি ধৰি,
একেঠৰে ৰল চাই প্ৰিয়া-মুখলই।