লীলা/সৰ্গ-১০
প্ৰথম মিলন দিনা, পোনে দেখা-দেখি,
সঙ্কুচিতা অৰ্দ্ধাঙ্গিনী অৰ্দ্ধাঙ্গৰ পাশে।
পাহৰিল পূৰ্ব্বভাব, একাঙ্গ যেতিয়া,
কোনোবা যুগত। মায়াৰ ঢাকোনে আৰু
ধৰে নিলগাই, নিচিনা ভাবৰ ফালে।
নেচাওঁ যেতিয়া মই, মুখলই মোৰ,
একেঠৰে থাকে চাই, হেঁপাহ চকুৰে।
চকুত পৰিলে চকু, কৰে তলমূৰ,
ধৰা-পৰা চমকনি খাই। এটি হাত
আদৰেৰে চপাই বুকুত, সোধোঁ কিবা—
আবেগ উগাৰি উঠে, —নেমাতি উত্তৰ
দিয়ে কপালৰ ঘামে। বুকুত মুখানি।
ধৰি হেঁপাহ বান্ধেৰে, ঘনে সোধোঁ কিবা !—
উছাহ, আবেগ, কিবা, কিজানো কি ভাবে,
‘ওঁ-হুঁ-ওঁ’ তানে এটি সুৰ, ঘন-উশাহেৰে ,
নাকেদি বাহিৰ হল, তালু-ফুটা ৰাগি।
বুজিলোঁ হিয়াৰ ভাব, হিয়া ভিখাৰীয়ে।
কি যে সুখ, কি যে শান্তি, কি যে অনুভৱ
অৰ্দ্ধাঙ্গ মিলনে হাঁয়, অৰ্দ্ধাঙ্গিনী সতে!
শিৰে-ঘ্ৰাণে, গালে-মুখে, প্ৰতি অঙ্গভাগে,
পৱিত্ৰ মিলন জ্যোতি প্ৰকাশি দেখালে,—
পূৰ্ণাঙ্গ গঠন পুনু বিধিৰ বিধানে।