লীলা/ওপৰঞ্চি
[ ৭৮ ]
সোঁৱৰণী শেল বাজিয়ে আছিল,
বিদৰাই ভগা বুকু;
লগে লগ ধৰি বিষধৰ হুলে
বিন্ধিলে ইবেলি চকু!
হওঁতে শেষ, শোক-গীত গোৱা
নপৰোঁতে সামৰণী;
হিয়া ওপচাই, আথাউনি শোকে
কৰে প্ৰাণ অসহনী!—
যাৰ যতনত মাতৃকো নিচিনি
উঠিলোঁ কোঁৱৰ হেন;
যাৰ চেনেহত, আছিলোঁ বন্ধুৱা,
বিয়াৰ যৌতুক যেন।
যাৰ যতনত লভি জ্ঞান-জ্যোতি,
লভিলোঁ মানৱ নাম;
যাৰ কৃপা গুণে, অৰ্ধাঙ্গিনী সতে,
মিলন অমিয়া পান।
যাৰ অপত্যত ভ্ৰাতৃবধু লীলা,
বন্ধুৱা চৰণ তলে;
মাতৃৰ সমান জ্ঞান উপদেশে,
শান্তিৰ মলয়া বলে।
শোকৰ অকণি টিপনি হেঁচাত,
মৰম নিজৰা ফুটি;
দুগালত যাৰ, নিমিষে নুমায়,
অপায় শতেক উটি!
যাৰ চৰণত শোক, দুখ, তাপ,
নিবেদি মুকলি প্ৰাণে;
সন্তাপ ভাগৰ, আঁতৰে নিমিষে
বুজনি অমৃত পানে।
সেই সহোদৰা, বাইদেৱে মোৰ,
আপুনি স্বৰগী হই,
সন্তাপ উপৰি চৰাই সন্তাপ,
কৰিলে জীয়াতু অই!
নুবুজিলোঁ বিধি, সৃষ্টিৰ মহিমা,
মায়া-ঢকা মহামেলা;
কিবা তত্ত্ব তাৰ, মৰীচিকাময়,
কিবা সৃষ্টি, শোক-লীলা!
হিয়াৰ অৰ্দ্ধেকে এৰা দিয়া পাচে,
চেনেহৰ বাইদেৱে
মৰমৰ থালী উজুটিত নিলে,
আঁতৰি একেটি ডেৱে!
বিষাদ ডাৱৰ হিয়া-আকাশৰ
বৰষি পাতল যেই;
শোকৰ উপৰি ওপৰঞ্চি শোক
ছাতিলা পানীন্দ্ৰ গই।
দুদিনৰ আগে সুযোগ্য বন্ধুৰ
সুবিজ্ঞ বুজনি মেলি;
তাপিত বন্ধুৰ দুখ পতিয়াই
নৰলাঁ দুডাঁৰ বেলি!
পৰিছে মনত সিদিনাৰ কথা,—
পোনে দুয়ে ফলি লোৱা;
আৰু সিদিনাৰ, সহপাঠী হই
সমস্বৰে পাঠ গোৱা।
বয়সে যেতিয়া কৰিলে বান্ধই
পূৰঠ্ দুইৰে প্ৰাণ;
মিলন সুৰত দুয়ে মিলি গোৱা
জীৱন উদ্দেশ্য গান।
আৰম্ভণ যেৱে মাতৃ-ভাষা-সেৱা,
সমান ব্ৰতৰ ভাগী;
পিচ কৰি মোক সঁপিলা জীৱন,
স্বাৰ্থৰ জোলোঙা ত্যাগি।
বহু দূৰ তুমি, আগুৱালাঁ এৰি,
পকালাঁ ব্ৰতৰ ফল;
‘লৰাশিক্ষা’ তিনি,—আদি, মাজ, শেহ,
আৰ্জিলাঁ পাথেয় বল।
সুমৰি উদ্দেশ্য, লৰি গই মাথোঁ
ধৰিলোঁ তোমাৰ সঙ্গ;
যুটীয়া সেৱাৰ ‘সাহিত্য-সংগ্ৰেহে’
জাতীয় অভাৱ ভঙ্গ।
তাৰো পাচে পুনু লৰিলোঁ সমানে,
সমান ব্ৰতৰ ভাৰী;
মিঠা ফল তাৰ এটি-দুটিকই
মলিয়ালে দুই-চাৰি।
আৰু কত আশা ধৰি আগলই
দুথুনী অসম ধন!
কিয় অকালত সামৰিলাঁ লীলা
দিলাঁ শোক অকথন!!
কৰপৰা আহে উৰি, বাতৰি কলই,
আকাশী বাতৰি-ভাৰী;
শূন্যে শূন্যে দৃষ্টি তাৰ, ওপঙি আহিছে,
মুকলি জগত জুৰি।
কতনা বিৰহী জানো আকাশ তলত,
পৰিছে চকুত তাৰ;
পৰৰ দুখত দুখী, নিস্বাৰ্থ প্ৰেমিক,
প্ৰাণ জানো তোলপাৰ!
যাকে য’ৰ লাগে যেন, আপুনি বিলাব
বিৰহ-বাতৰি মউ;
আবুজা বুলিয়ে জানো তললই চাই,
তাকেহে সুধিছেঔ!
সুধিবৰ আছে মোৰো, বাতৰি প্ৰিয়াৰ
এদোপ্ উধাব ধৰোঁ;
হুতাশিন প্ৰাণ হাঁয়, হেঁপাহ-ভৰত,
উভতি মাটিত পৰোঁ।
অফুট্ ভাষাৰ সেই নিফুট্ ৰাগিণী
প্ৰৱেশি হিয়াত মোৰ,—
উগুলথুগুল চিত্,—লাগি বিচাটন—
কৰে পৰাণ বিভোৰ!
ভাবৰ অস্থিৰে গঢ়ি জকা কল্পনাৰ,
সযতনে প্ৰতিষ্ঠা হিয়াত;
চিন্তাৰে তেজক মথি মাংস বঙহৰ
থাপি থুপি দিলোঁ সি কায়াত।
মগজু মন্থন কৰি ভাবৰ ৰাজ্যত,
দিলোঁ আঁটি বুজনিৰ সুৰ;
ভাষাৰ ৰহণ সানি পূৰ্ণ আকৃতিত,
চাওঁ দেখোঁ, পুৰ্ণাকৃতি মোৰ!
ৰূপৱতী জননীৰ ৰূপহ সন্ততি
আনন্দত মাতে কোলা পাতি;
কুৰূপা জননী বুলি স্বামী-অনুকৃতি
চাই শান্তি নেপায় নে আতি?
অপত্য চেনেহ অহ, সমজুৱা ধন,
সকলো যে সমভাগী তাৰ;
জেউতিত নিয়ে কাঢ়ি আনৰ একণ
জগতত সাধ্য এনে কাৰ?
ভাগ্যৱন্তে নৰদেহী লভে বংশধৰ
মৃত্যুৰ পাচত ৰাখে নাম;
অভাগাৰ গ্ৰন্থদেহী লাভ সন্তানৰ
সেয়ে যেন সাথে সেই কাম।
স্বৰ্গ-মৰ্ত্ত্য মিলনৰ
সাক্ষ্য দিয়ে আকাশে-সাগৰে;
পাতালকো কৰে এক
চামে চামে মিলন-আকৰে।
*
সুমেৰু কুমেৰু মিল,
—মেৰুদণ্ড মূৰপুতি জোঁটা;
বিষুব-বান্ধনী মেৰ,
ভূমণ্ডল আঁকোৱালি অটা।
*
উদয় অচল স’তে
অস্তাচল ধ্ৰুব সম্মিলন;
পীতাম্বৰ পূজাৰিয়ে
পুৱা সন্ধ্যা কৰে আৱাহন।
*
পদ্ম-ৰাগ সুৰুযত
—দিনমান মিলন-পোহৰ;
চন্দ্ৰ-প্ৰভা কুমুদত
—মিলনৰ হিয়া-সৰোবৰ।
প্ৰতিভাত প্ৰকৃতিত
পুৰুষৰ মিলন-মহিমা;
সৃষ্টিৰ স্বীকাৰ্য্য ৰেখা
বিয়াপিছে, নাই তাৰ সীমা।
*
সখি-মিলনৰ ফল,—
কৃষ্ণাৰ্জ্জুন,—গীতা-উৎপত্তি;—
মানৱাত্মা মুক্তি হেতু
জগতত শ্ৰেষ্ঠ ধৰ্মভেঁটি।
*
সৃষ্টি-স্থিতি-প্ৰলয়ৰ
সম্বন্ধ-নিৰ্ব্বন্ধ গূঢ়তত্ত্ব;
একৰ কাৰণে তিনি,
—বিশ্বপ্ৰাণ, মিলন-মহত্ত্ব।