পৃষ্ঠা:লীলা.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭৬
লীলা ৷
 
সন্তান।

ভাবৰ অস্থিৰে গঢ়ি জকা কল্পনাৰ,
  সযতনে প্ৰতিষ্ঠা হিয়াত;
চিন্তাৰে তেজক মথি মাংস বঙহৰ
  থাপি থুপি দিলোঁ সি কায়াত।

মগজু মন্থন কৰি ভাবৰ ৰাজ্যত,
  দিলোঁ আঁটি বুজনিৰ সুৰ;
ভাষাৰ ৰহণ সানি পূৰ্ণ আকৃতিত,
  চাওঁ দেখোঁ, পুৰ্ণাকৃতি মোৰ!

ৰূপৱতী জননীৰ ৰূপহ সন্ততি
  আনন্দত মাতে কোলা পাতি;
কুৰূপা জননী বুলি স্বামী-অনুকৃতি
  চাই শান্তি নেপায় নে আতি?

অপত্য চেনেহ অহ, সমজুৱা ধন,
  সকলো যে সমভাগী তাৰ;
জেউতিত নিয়ে কাঢ়ি আনৰ একণ
  জগতত সাধ্য এনে কাৰ?

ভাগ্যৱন্তে নৰদেহী লভে বংশধৰ
  মৃত্যুৰ পাচত ৰাখে নাম;
অভাগাৰ গ্ৰন্থদেহী লাভ সন্তানৰ
  সেয়ে যেন সাথে সেই কাম।