এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭৫
লীলা৷
কৰপৰা আহে উৰি, বাতৰি কলই,
আকাশী বাতৰি-ভাৰী;
শূন্যে শূন্যে দৃষ্টি তাৰ, ওপঙি আহিছে,
মুকলি জগত জুৰি।
কতনা বিৰহী জানো আকাশ তলত,
পৰিছে চকুত তাৰ;
পৰৰ দুখত দুখী, নিস্বাৰ্থ প্ৰেমিক,
প্ৰাণ জানো তোলপাৰ!
যাকে য’ৰ লাগে যেন, আপুনি বিলাব
বিৰহ-বাতৰি মউ;
আবুজা বুলিয়ে জানো তললই চাই,
তাকেহে সুধিছেঔ!
সুধিবৰ আছে মোৰো, বাতৰি প্ৰিয়াৰ
এদোপ্ উধাব ধৰোঁ;
হুতাশিন প্ৰাণ হাঁয়, হেঁপাহ-ভৰত,
উভতি মাটিত পৰোঁ।
অফুট্ ভাষাৰ সেই নিফুট্ ৰাগিণী
প্ৰৱেশি হিয়াত মোৰ,—
উগুলথুগুল চিত্,—লাগি বিচাটন—
কৰে পৰাণ বিভোৰ!