ইতিপূৰ্ব্বতে কৈ অহা হৈছে যে,কীৰ্ত্তিনাথ গোহাঞিফুকন আৰু তেওঁৰ গুণৱতী ভাৰ্য্যা দুয়ো বৰ উদ্যোগী স্বামী-ভাৰ্য্যা আছিল। পামপুৰত লাহৰী ৰূপে-গুণে বাঢ়ি অহাৰ দৰেই,সিবিলাকৰ সেই গুণো বাঢিবলৈ ধৰিলে। তেওঁবিলাককে দেখি-শুনি আন-আন বিষয়া সকলো নিজ নিজ পৰিশ্ৰমৰ বলত অতি অলপ দিনৰ ভিতৰতে টনকিয়াল হৈ উঠিল। বিষয়াসকলে পতা পামপুৰত আন আন মানুহো দুঘৰ-চাৰিঘৰকৈ আহি বহিবলৈ ধৰাত, লাহে লাহে গাৱঁৰ সীমা চাৰিওফালে বৰ বহল হৈ উঠিল। এই ন-কৈ আহি বসতি কৰা মানুহবিলাক বিষয়াসকলৰ পাইক স্বৰূপ হল। এই দৰে,বিষয়াসকল ৰংপুৰত থাকোতে যেনে সুখত আৰু সুচলত আছিল, পামপুৰত তাতোকৈ অধিক সুখত আৰু সুচলত হে থাকিব পৰা হল। মুঠতে,কবলৈ গলে,বিষয়াসকলৰ পক্ষে এই পামপুৰ এখন মহাসুখৰ ঠাই,আৰু আন-আন ইতৰ মানুহৰ পক্ষে ই শান্তিধাম যেন হৈ উঠিল। কীৰ্ত্তিনাথ গোহাঞিৰ সদ্গুণৰ চিনাকি আগেয়েই অলপ দিয়া হৈছে; তেওঁ নিজ গুণৰ বলতে ৰংপুৰত থকাৰ দৰে, এই পামপুৰতো সকলোৰে মাজত গণ্য, মান্য আৰু পূজনীয় লোক হৈ উঠিছিল।
এইখিনিতে আমি ছেগ বুজি আৰু আন এজন বিষয়াৰ বিষয়েও উনুকিয়াই থওঁ। পামপুৰীয়া বিষয়াসকলৰ মাজত শূলধৰ বৰগোহাঞি নামেৰে এজন গণ্য-মান্য লোক আছিল। তেওঁ বৰ হোজা স্বভাৱৰ মানুহ আছিল। 'বৰগোহাঞি' তেওঁৰ ৰাজঘৰীয়া খিতাপ নহয়, বংশীয়া উপাধি হে। তেওঁৰ বিশেষ কোন বিষয়-বাব নাছিল; বৰগোহাঞি ডাঙৰীয়াৰ ভতিজাক বুলি হে তেওঁকো বৰগোহাঞি খিতাপেৰেই মতা যায়। তেওঁ কোনো এজন লাগতিয়াল বিষয়া নাছিল যদিও, পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙৰীয়া আৰু চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱৰ বৰ আদৰৰ মানুহ আছিল। গতিকে, তেওঁ কোনো বিষয়-বাব নোপোৱাকৈয়ে বৰ ধনী,মানী আৰু প্ৰতাপী লোক আছিল। তেওঁৰ