সমললৈ যাওক

পৃষ্ঠা:লাহৰী.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫০
লাহৰী ৷

গৃহিণী গৰাকী কিন্তু বৰ চলাহী তিৰোতা আছিল। তেওঁৰ হোজা গুণ আৰু গৃহিণীৰ চতুৰালিৰ বলতে বৰগোহাঞিদেৱ আগেয়েও ধনী আছিল, এতিয়াও অলপ দিনৰ ভিতৰতে কীৰ্ত্তিনাথ বুঢ়াগোহাঞিদেৱৰ সমানে ধনী হৈ উঠিল। শূলধন বৰগোহাঞিৰ ধনবৰ গোহাঞিদেৱ নামেৰে একেটি মাথোন পুতেক আছিল; পামপুৰলৈ প্ৰথমে অহা বছৰতে ধনবৰৰ বয়স আঁঠ বছৰত সোমাইছিল। দেউতাক যেনে হোজা, পুতেক তদ্বিপৰীতে তেনে ধূৰ্ত আৰু তীখামখৰা লৰা আছিল;সদৌ কথাতে ধনবৰে পিতৃৰ বিপৰীত স্বভাৱৰ মানুহ হৈ উঠাৰ চিনাকি দিছিল।

  এদিন ছেগ বুজি ধনবৰৰ মাক লাহৰীৰ মাকৰ ঘৰলৈ আহি কথা-বাৰ্ত্তা পাতি আছে, এনেতে লাহৰীক ওমলাই লৈ ফুৰা বুঢ়ী বান্দী ‘চাকুলী বাই’ ওলালহি। বুঢ়ীয়ে ৰংকৈ সুধিলে, “এ, আই, আপোনাসকলে নো কি ‘বিয়নী মেল’ পাতিছে?” ধনবৰৰ মাকে ৰং-মনেৰে এই বুলি উত্তৰ কাটিলে, “এৰা, ভাল তোৰ মুখত ওলাইছে, সেইটি সমন্ধ মিলিলে ভালেই; মোৰো একেটি লৰা, এখেতৰো একেটি ছোৱালী।” লাহৰীৰ মাকে মাজতে মাত লগালে, “নানিব সেইবোৰ কথা মনলৈ এখোন; বোলে, ‘সাধি সাধি সাধনীক পালোঁ, সাধনীক দিবলৈ ঠাই নাপালো’; তাই বা কেতিয়া কাৰ লৰা, কাৰ ছোৱালী হয়গৈ কি ঠিক, বিধিৰ লিখন কোনে জানে?” এনেতে, চাকুলী বাইৰ কোলাৰপৰা নামি, মাকৰ ডিঙিত সাবটি ধৰি, লাহৰীয়ে থুন‌্থুনাই কলে, “ইঃ, আমি হলে ধনবৰৰ লগত নোমলোঁ, সি বৰ দুষ্ট, বৰ বেয়া।” ধনবৰৰ মাকে মাত লগালে, “কিনো দুষ্টালি কৰিলে সি?” লাহৰীয়ে উত্তৰ দিলে, “সিদিনা সি ভাকুচীক চুলি-জোকৰা দিছিল; আৰু মোৰ দৰা-কন্যাযোৰ হাতৰপৰা কাঢ়ি নি সি বকৰানিত পেলাই দিছিল।” শুনি, দুই মাক আৰু চাকুলী বায়ে কিৰিলি মাৰি হাঁহিবলৈ ধৰিলে।