পৃষ্ঠা:লাহৰী.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৪৬
লাহৰী

 পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙৰীয়া ঘাই-মন্ত্ৰী থাকোঁতেই প্ৰথমবাৰ মানে অসম আক্ৰমণ কৰেহি। মান-সেনাৰ লগত ৰণ দিবলৈ অসমীয়া সেনা পঠিয়াই, ইফালে বুঢ়াগোহাঞি ডাঙৰীয়া আকস্মিক-মৃত্যুৰ মুখত পৰিল। বুঢ়াগোহাঞি ডাঙৰীয়াৰ মৃত্যুৰ পাচত, তেওঁৰ সুযোগ্য পুত্ৰ ৰুচিনাথ গোহাঞিদেৱে দেউতাকৰ বিষয়-বাব ললে। পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙৰীয়া আৰু বদনচন্দ্ৰ বা “মান অনা-বৰফুকন” দুইৰো ভিতৰত আগৰেপৰা ঘৰুৱা কথাত মনান্তৰ আছিল। তদুপৰি, পূৰ্ণানন্দ ডাঙৰীয়াৰ মৃত্যুৰ পাচত, স্বাৰ্থ সিদ্ধিৰ কাৰণে,চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱো প্ৰকাশ্যে বৰফুকনৰ ফলীয়া হল। ইয়াতে বৰফুকনে কঁকালত বেচি বল পাই, পুৰণি শত্ৰুতাৰ প্ৰতিশোধ দিবৰ অভিপ্ৰায়ে গোপনে ৰুচিনাথ বুঢ়াগোহাঞি ডাঙৰীয়াৰ বিপক্ষে ষড়যন্ত্ৰ কৰে। পিচে, সেই কথাৰ সম্ভেদ্ পাই ৰুচিনাথ বুঢ়াগোহাঞি ডাঙৰীয়া তেওঁৰ ফলীয়া গুণচাৰেক বৰুৱা,ফুকন আদি বিষয়াৰে সৈতে গোপনে গুৱাহাটীৰ ফালে ভটীয়াই গল। তাৰ পাচত, বৰফুকনে তেওঁবিলাকক ৰংপুৰত নাপাই, তেওঁবিলাকৰ ঘৰ-বাৰী, আত্মীয়-কুটুম্বাদিৰ ওপৰতে খং সাৰিবলৈ ধৰিলে; কিন্তু সদৌশেহত ৰাজমাও দেউতাৰ ষড়যন্ত্ৰত বদনচন্দ্ৰয়ো অকালতে মানৱলীলা সামৰিব লগাত পৰিল। বৰফুকনৰ মৃত্যুৰ পাচত, ৰুচিনাথ বুঢ়াগোহাঞি ডাঙৰীয়া আকৌ ৰংপুৰলৈ উলটি আহিল। কিন্তু, তেওঁৰ লগত যোৱা অন্যান্য বিষয়াসকলে আৰু উলটিবলৈ মন নেমেলিলে; সিবিলাকে গুৱাহাটীতে কিছুকাল থাকি,একেবাৰে ভবিষ্যত-বিপদৰ হাত সাৰিবৰ মনেৰে,ঠাইতে ব্ৰহ্মপুত্ৰ পাৰ হৈ, উত্তৰপাৰে ন-কৈ মাটি ভাঙ্গি, “পামপুৰ” নামেৰে এখনি গাওঁ পাতি তাতে বসতি কৰি থাকিল। সেই বিষয়াসকল ভাগি আহোঁতে লগত তেওঁবিলাকে বেটী-বন্দী, লগুৱা-লিগিৰী,পাইক-লিক্‌চৌ আদিও লৈ আহিছিল। সেই বেটী,বন্দী,পাইক আদিৰ দ্বাৰাই পামপুৰত খেতি-পথাৰ কৰাই বিষয়াসকলে মহাসুখেৰে প্ৰৱৰ্ত্তি দিন নিয়াবলৈ ধৰিলে।