পৃষ্ঠা:লাহৰী.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৪৭
লাহৰী

  সেই বিষয়াসকলৰ মাজত কীৰ্ত্তিনাথ বুঢ়াগোহাঞি নামেৰে ৰুচিনাথ বুঢ়াগোহাঞি ডাঙৰীয়াৰ বংশৰ এজনা বিষয়া আছিল। তেওঁ উজনিত থাকেঁতে ডেকাফুকনৰ বিষয়-বাব পাইছিল;গতিকে, তেওঁ এজন প্ৰতাপী লোক আছিল। তদুপৰি, নিজৰ স্বভাৱ-চৰিত্ৰৰ গুণত ৰাইজৰ মাজত তেওঁ এজন বৰ আদৰণীয় আৰু পূজনীয় পুৰুষ আছিল। তেওঁৰ ভাৰ্য্যাও এগৰাকী অতি সুন্দৰী, সাদৰী আৰু গুণৱতী তিৰোতা আছিল। পুৰুষৰ সমাজত তেওঁৰ স্বামী যেনে, তিৰোতাৰ সমাজত তেৱোঁ তেনে এগৰাকী আদৰুৱা আৰু পূজনীয়া ৰমণী আছিল। স্বামী ভাৰ্য্যা দুইৰো মাজত দাম্পত্য প্ৰেম এনে গভীৰ আছিল যে, সিবিলাকৰ ভিতৰত কোনো আসূয়া-অশান্তিৰ কথা হে নালাগে, কেতিয়াও কোনো কথাত অমিল ভাব দেখা নগৈছিল। আৰু, গৃহস্থী কৰ্ম্মত দুয়ো এনে উদ্যোগী আছিল যে, পামপুৰৰ নতুন ঘৰবাৰী বছেৰেকৰ ভিতৰতে সিবিলাকে ৰংপুৰৰ আগৰ ঘৰ-বাৰীৰ দৰে চকুত লগা কৰি তুলিলে। উজনিত থাকোঁতেও কীৰ্ত্তিনাথ গোহাঞিফুকন এজন বৰ চহকী মানুহ আছিল। কিন্তু,সততে দেখিবলৈ পোৱা যায় যে, যাৰ খাবলৈ-পিন্ধিবলৈ সৰহ, তাৰ খাওঁতা-পিন্ধোতা তাকৰ; যাৰ খাবলৈ-পিন্ধিবলৈ তাকৰ, তাৰ আকৌ খাওঁতা-পিন্ধোতা সৰহ! তাৰ প্ৰমাণ কীৰ্ত্তিনাথ গোহাঞি-ফুকনৰ গাতে ভালকৈ ফলিয়ায়; তেওঁ যদিও বৰ চহকী লোক আছিল আৰু জনা-বুজা গুণৱতী ভাৰ্য্যাৰ সংসৰ্গত বৰ সুখীয়া আছিল, তথাপি তেওঁৰ আন্তৰিক আক্ষেপ-বেজাৰৰ সীমা নাছিল। কাৰণ তেওঁৰ বয়স গুৱাহাটীলৈ ভটীয়াই আহিবৰ সময়ত দুকুৰি বছৰৰ ওপৰ হৈছিল। প্ৰায় আদহীয়া হ'ব লগা হল, সিমান দিনলৈকে তেওঁ নিজৰ সন্তান বুলিবলৈ লৰা- ছোৱালীৰ মুখ নেদেখিলে! উজনিত থাকোঁতে কত কি যে পূজা সেৱা, যাগ-যজ্ঞাদি কৰালে, তথাপি তেওঁৰ সেই কামনা পূৰ্ণ নহল। তেওঁৰ গুণৱতী ভাৰ্য্যাই, বংশৰ নাম ৰক্ষাৰ্থে তেওঁক আৰু এগৰাকী ভাৰ্য্যা বিয়া কৰাবলৈ