পৃষ্ঠা:লাহৰী.pdf/১০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৪৮
লাহৰী৷

সততে অনুৰোধও কৰিছিল,কিন্তু কীৰ্ত্তিনাথ গোহাঞিয়ে এগৰাকী ভাৰ্য্যাৰ বৰ্ত্তমানে দ্বিতীয়া ভাৰ্য্যা গ্ৰহণ কৰাৰ কু-ফললৈ গমি চাই,তেনে অবিবেচনা কাম কৰিবলৈ আগ নাবাঢ়িলে। আন্তৰিক সিমান বেজাৰ বুলিও, তেওঁৰ বাহ্যিক ভাব-গতি, চলন-ফুৰণ ইত্যাদিলৈ চাই কোনেও কব নোৱাৰিছিল , তেওঁৰ অন্তৰত কিবা অশান্তিয়ে ঠাই পাইছিল। পিচে, গুৱাহাটীলৈ অহাৰ বছৰচাৰেকৰ পাচতে, এজন সাধক সন্ন্যাসীৰে সৈতে তেওঁৰ দেখা-সাক্ষাৎ হয়। সন্ন্যাসীজনৰ ভাব-গতি দেখি তেওঁলৈ গোহাঞিদেৱৰ বৰ ভক্তি হল। তাৰ পাচত, তেওঁৰে সৈতে অনেক কথা-বাৰ্ত্তা পাতোঁতে কথা-প্ৰসঙ্গত কীৰ্ত্তিনাথ গোহাঞিৰ অন্তৰৰ কথা বাজ হৈ পৰিল। সেই বাবে সন্ন্যাসী জনে তেওঁক পুতৌ কৰি এটি ঔষধ দিলে। সেই ঔষধ আনি ভাৰ্য্যাক সেৱন কৰোৱাৰ মাহচাৰেকৰ পাচতে তাৰ গুণ ধৰিলে; কীৰ্ত্তিনাথ গোহাঞিৰ বহু দিনৰ আশা পূৰণ হবৰ আগন্তুক মিলিলে। তাৰ পাচত, যথাসময়ত তেওঁৰ জ্ঞানৱতী আৰু গুণৱতী ভাৰ্য্যাৰপৰা এটি সুন্দৰী আৰু সুলক্ষণা কন্যা লাভ হল; কীৰ্ত্তিনাথ গোহাঞি-ফুকন আৰু তেওঁৰ মৰমৰ ভাৰ্য্যাৰ অন্তৰত আনন্দৰ সীমা নাথাকিল।

 সেই ছোৱালীটি ছমহীয়ামান চালুকীয়া হোৱালৈকে ৰুচিনাথ বুঢ়াগোহাঞি ডাঙৰীয়া গুৱাহাটীতে আছিল। সেই ছমাহতে ছোৱালীটি বৰ মোহলগা আৰু চকুতলগা হৈ উঠিল। বুঢ়াগোহাঞি ডাঙৰীয়াই মৰমতে নিজৰ বঙহৰ সেই ছোৱালীটিক “লাহৰী” বুলি মাতিছিল। পাচলৈকো ছোৱালীটিৰ সেই আদৰুৱা নামেই নাম হল। বুঢ়াগোহাঞি ডাঙৰীয়া আকৌ উজনিলৈ যোৱাৰ ছমাহমানৰ পাচত ছোৱালীটি খোজ কাঢ়িব পৰা হল। মৰমিয়াল পিতৃ-মাতৃৰ আদৰ পাই, চালুকীয়া "লাহৰী” পাহোৱাল লুহুৰপুদুৰটি হৈ বাঢ়িবলৈ ধৰিলে। কীৰ্তিনাথ গোহাঞি-ফুকন আৰু তেওঁৰ প্ৰিয়তমা ভাৰ্য্যাই বহুত দিনৰ আশাৰ ফল লাহৰীক পাই আগৰ আক্ষেপ-সন্তাপ সকলো পাহৰিলে।