পৃষ্ঠা:লাহৰী.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ৰত্নেশ্বৰ।—“নহয়, আলহী ভকত! তুমি বুজা নাই। মই আজি বছেৰেকে ছোৱালী বিচৰাই মোৰ মনেবছা ছোৱালী নাপালোঁ!”

 পামপুৰীয়া।—“অঃ, কিনো-ৰূপে-সৈতে, তাকে নকয় কিয়? বোপা- দেউতা, সেইটো কথাৰ ভাৰ, কিনো-ৰূপে সৈতে, মই ললোঁ। আমাৰ গাৱঁত, কিনো-ৰূপে-সৈতে, কীৰ্ত্তিনাথ গোহাঞিৰ লাহৰী নামেৰে, কিনো-ৰূপে-সৈতে, ছোৱালী এটি আছে, কিনো ৰূপে-সৈতে, বোপা-দেউতা, কি কম! মই ডাঠকৈ কওঁ, কিনো-ৰূপে-সৈতে, আপুনি কেতিয়াও নিদাব নোৱাৰে। আৰু, ছোৱালীটিও, কিনো-ৰূপে সৈতে, আপোনাৰ হে লায়েক!”

 ৰত্নেশ্বৰ।—“এ, আলহী ভকত! তোমাৰ দৰেই কিমানে কৈছিল! পিচে, যিমান দেখিলোঁমানে, মোৰ চকুত নালাগিল।

 পামপুৰীয়া।—“বাৰু, বোপা-দেউতা, কিনো-ৰূপে সৈতে, মোৰ কথাটোকে চাওক। যেতিয়া দেখিব, কিনো-ৰূপে-সৈতে, তেতিয়াহে কব, বোলে, কিনো- ৰূপে-সৈতে, সেই গেন্ধেলাটোৱে কি কৈছিল।

 ৰত্নেশ্বৰ।—বাৰু, তেন্তে আলহী ভকত! তোমাৰ কথা মতেই আকৌ এবাৰ চোৱা যাব। তুমি নো ঘৰলৈ কেতিয়া উলটিবাঁ?

 পামপুৰীয়া।—“মই নে বোপা দেউতা? মই, কিনো-ৰূপে-সৈতে, কাইলৈ দিনটো ইয়াতে থাকিম। পৰহিমানলৈ হে, কিনো-ৰূপে সৈতে, ঈশ্বৰৰ কিৰ্‌পাত যোৱা হব।”

 ৰত্নেশ্বৰ।—এৰা, তোমাৰ লগতে যাব পাৰিলে হওঁতে বেয়া নহয়। তুমি দেখুৱাব পাৰিবা জানো?”

 পামপুৰীয়া।—“হয়, বোপা-দেউতা, কিনো-ৰূপে-সৈতে, মোৰ লগতে ওলাওক। আজিকালি হওঁতে, কিনো-ৰূপে-সৈতে, ছোৱালীটি বাহিৰলৈ নোলায়। তথাপি, কিনো-ৰূপে-সৈতে, তালৈ গৈ এটা উপায় কৰিব লাগিব।"