পৃষ্ঠা:লাহৰী.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০। আধ্যা ।
ৰত্নেশ্বৰ ৰাজখোৱা ।
————•————

 গুৱাহাটীৰ পূবফালে এখন গাঁৱত ৰত্নেশ্বৰ ৰাজখোৱা নামেৰে এজন ডেকা-মানুহ আছিল। মানুহটিৰ বয়স ডেৰকুৰি বছৰমান হব । তেওঁৰ দেউতাকে বৰফুকনৰ তলে ৰাজখোৱাৰ বিষয়-বাব পাইছিল; ধনে-বস্তুৱে তেওঁ বৰ চহকী মানুহ আছিল। দেউতাকৰ মৃত্যুৰ পাচত, সেই ধন সম্পত্তি ককায়েক আৰু ৰত্নেশ্বৰৰ মাজত ভাগ-বঁটৰা হয়। ককায়েকজন মাহী-মাকৰ পুতেক। তেওঁৰ মাক মৰাৰ পাচত, ৰত্নেশ্বৰৰ মাক ঘাই গৃহিণী হৈছিল। গতিকে, ৰত্নেশ্বৰৰ মাক জীয়াই থাকোঁতে ৰত্নেশ্বৰৰ ভাগ-বস্তু যে ককায়েকতকৈ সৰহ হব, তাক কোৱা বাহুল্য মাথোন। তদুপৰি, ৰত্নেশ্বৰৰ মাকে দেউতাকে নজনাকৈয়ো আৰু কিমান যে লুকাই ৰাহী কৰি থৈছিল তাৰ হিচাপ পাবলৈকে নাই। এই কথাত ককায়েকৰ বৰ বেজাৰ হল; তেওঁ ৰত্নেশ্বৰক সেই আপাহতে যিমান পাৰে খিয়াল কৰিবলৈ ধৰিলে । যাতে ৰত্নেশ্বৰৰ ধন ভাগে, সদায় তেওঁ তাৰ হে আলচ কৰা হল। ৰত্নেশ্বৰো আগৰেপৰা বৰ খৰছী ডেকা আছিল; মাক মৰাৰ পাচৰপৰা যে তেওঁৰ হাতৰ মুকলি মুঠিয়ে বান্ধ নোলোৱাই হল। সেইদৰে আধানাৰ্জ্জিকৈ ভগন কৰি দুই-চাৰি বছৰৰ ভিতৰতে ৰত্নেশ্বৰ ফচহুটো হৈ পৰিল। তথাপি,একেবাৰে তলি উদং হোৱা নাছিল; পাচলৈ তেওঁ গা চাই ভগন কৰিবলৈ ধৰিলে। তেওঁ মানুহটি বৰ চতুৰ আৰু বুধিয়ক আছিল; দেখিবলৈকো বৰ বেয়া নহয়। মুখখনি চকলামুৱা; কিন্তু সেয়ে পকা থেকেৰা যেন ৰঙা ৷ তেতিয়ালৈকে তেওঁ বিয়া-বাৰু কৰোৱা নাই। বিয়া নকৰোৱাৰ আন কাৰণ বিশেষ একো নাছিল; কেৱল মনেবছা ছোৱালী নোপোৱাত হে