পৃষ্ঠা:লাহৰী.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২০৭
লাহৰী

 ৰত্নেশ্বৰ।-“তেন্তে সেয়ে ঠিক হ’ল। মই মোৰ লগতে পৰহিলৈ পামপুৰলৈ যাম।”

 এইবোৰ কথা-বাৰ্ত্তাৰ পাচত দুয়ো শুবলৈ গল। যথা সময়ত ৰত্নেশ্বৰে পামপুৰলৈ যাত্ৰা কৰিলে। পামপুৰত তেওঁ সেই ‘আলহী ভকত’ৰ ভকতৰ ঘৰতে আলহী হলগৈ। চাৰি-পাঁচ দিনলৈকে কাৰ্য্য সিদ্ধি হোৱা নাছিল। তাৰ পাচত, এদিন লাহৰীয়ে আগৰ দৰেই গৈ পুখুৰীৰ পাৰৰ ফুলনিত মনৰ বিষাদত গালত হাত দি, আমন্‌জিমন্‌কৈ উদাসভাৱে বহি আছে, অন্তৰৰ বিষাদে বাহিৰত সুন্দৰী লাহৰীৰ সুন্দৰ ৰূপ আৰু সুন্দৰ কৰি তুলিছে। এনেতে, ৰত্নেশ্বৰে ‘আলহী ভকত’ৰে সৈতে গৈ চকোৱাৰ সুৰুঙায় দি লাহৰীক জুমি চাবলৈ ধৰিলে। ৰত্নেশ্বৰে দেখিয়েই বিমোহিত হৈ বিতত্‌ভাৱে পামপুৰীয়াৰ ফালে চালে। এনে মোহিনী মূৰ্ত্তি তেওঁ আগেয়ে কতো দেখা নাছিল । ৰত্নেশ্বৰে আনন্দত আশাভৰা মিচিকিয়া হাঁহি মাৰি ‘আলহী ভকত’ক কলে,“আলহী ভকত! তোমাৰ কথা ঠিক। সঁচাকৈয়ে এনে সুন্দৰী ছোৱালী মই কতো কেতিয়াও দেখা নাই।” এই বুলি ৰত্নেশ্বৰে আকৌ জুমিবলৈ ধৰিলে । ‘আলহী ভকত’ৰো আনন্দ মিলিল; ভাবিলে যে, এই-চলতে তেওঁ টকাচাৰেক সৰকাৰ পাৰিব। ইয়াকে ভাবি তেওঁ ফুটাই কবলৈ ধৰিলে, “বোপা-দেউতা,মই কোৱা কথাত, কিনো-ৰূপে-সৈতে, কিমান মূইল্ আছে, ভাবি চাওক।” ৰত্নেশ্বৰে ঘনে ঘনে জুমি চায়; আৰু মাজে মাজে মাত লগায়, আৰু একোবাৰ ‘আলহী ভকত’ৰ কথালৈ কাণ দিয়ে। ভকতে হাঁহি হাঁহি কলে, “এতিয়াও কিনো-ৰূপে-সৈতে, চকুৰ তিৰ্‌পিতি কিন-ৰূপে-সৈতে, পূৰ হোৱা নাই নে বোপা-দেউতা? কিনো-ৰূপে-সৈতে, আহক আৰু; মানুহে দেখিলে, কিনো-ৰূপে-সৈতে, বেয়া বুলিব।”

 ৰত্নেশ্বৰ৷—“এৰা, নাচাওঁ আৰু, বলাঁ আলহী-ভকত, বলাঁ।” এই বুলিও আকৌ দুবাৰ জুমি চায় !