পৃষ্ঠা:লাহৰী.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২০৮
লাহৰী

 সদৌশেহত, দুয়ো ঘৰৰ ফালে খোজ ললে। যাওঁতে যাওঁতে বাটে বাটে দুয়ো ছোৱালী খোজা-বঢ়াৰ আলচ পাতি গৈ আছে, এনেতে পামপুৰীয়াই মাত লগালে, “এতিয়া বোপা-দেউতা, কিনো-ৰূপে-সৈতে, আমাৰ ফালেও অলপ, কিনো-ৰূপে-সৈতে, চাব লাগে নহয়।”

 ৰত্নেশ্বৰ ।—“অ, সঁচা, মই কেতিয়াও অগুণকাৰী নহওঁ। তুমি যেনে কাম কৰিলা, তেনে বঁটাও পাবাঁ।”

 পামপুৰীয়া ।—“হয়, বোপা-দেউতা, মই কিনো ৰূপে-সৈতে, এই কেদিনতে আপোনাক, কিনো-ৰূপে-সৈতে, ভালকৈ চিনিলোঁ। এতিয়া, কিনো-ৰূপে-সৈতে, আমাৰ কাম ফেৰা সিদ্ধি হলেই হয়।

 ৰত্নেশ্বৰ ৷—“এৰা, এৰা, এতিয়া আৰু বহি থকাৰ সকাম নাই। তুমি আৰু অলপ কাম কৰি দিব লাগিব দেই।”

 পামপুৰীয়া ।—“ভাল, বোপা-দেউতা, কিনো-ৰূপে-সৈতে, মই আৰু দুখীৰ দুখী অৱস্থাৰে, কিনোৰূপে-সৈতে, যি পাৰোঁ কৰি থাকিম।”

 ৰত্নেশ্বৰ ৷—“একেবাৰে থোজা-বঢ়া আদি ঠিক্‌ঠাক্ কৰি হে ঘৰলৈ উলটিম্, কি বোলাঁ?”

 পামপুৰীয়া।—“এৰা, কিনো-ৰূপে-সৈতে, ভাল কৈছে। পলম কৰাৰ আৰু,কিনো-ৰূপে-সৈতে, সকাম নাই; কাইলৈ বা পৰহিলৈ, কিনো-ৰূপে-সৈতে, ছোৱালী খুজিবগৈয়ে লাগে। বাৰু, কিনো-ৰূপে-সৈতে, তাৰ দিহা কৰা যাব।”

 এই দৰে কথা-বাৰ্ত্তা পাতি যাওঁতে যাওঁতেই দুয়ো পামপুৰীয়াৰ ঘৰ সোমালগৈ। কিন্তু, লাহৰীৰ ৰূপত মুগ্ধ, ৰত্নেশ্বৰৰ মন কীৰ্ত্তিনাথ গোহাঞিৰ লাহৰী-ফুলনিতে বন্দী হৈ ৰৈ গল। তাৰ পাচত, ৰত্নেশ্বৰে কল্পনা-চকুৰে লাহৰীৰ ৰূপ-লাৱণ্যৰ জেউতি চৰাই চাই চাই, মনে-পতা সংসাৰ-সাগৰত ওপঙিবলৈ ধৰিলে।