পৃষ্ঠা:লাহৰী.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৷ আধ্যা।
কমল কলৈ গল!

  দৰাচলতে, পৃথিবীৰ ওপৰত স্থাৱৰ বুলিবলৈ একোৱেই নাই। চাৰিওফালে চকু ফুৰাই চালে,চকুৰে দেখালৈকে যিহকে কি নেদেখোঁ,সকলো আজি আছে, কালি নাই। দোৰ্ঘোৰ অৰণ্য আৰু হাতী সোমাব নোৱাৰা গেজেপনি হাবি সময়ত সুন্দৰ নগৰ হৈছে। আৰু তেনেকুৱা কিমান সুন্দৰ নগৰ গুচি দোৰ্ঘোৰ অৰণ্য আৰু গেজেপনি হাবি হৈ বনৰীয়া জন্তুৰ থকা ঠাই হৈছে, তাৰ সীমা-সংখ্যা নাই। মানুহৰ অৱস্থাও ঠিক তেনেকুৱাই। কথাতে কয় বোলে,“বাঁহৰ এফাল,মানুহৰ একাল”। আজি যাক সঙ্গতিপন্ন অৰ্থ, ধন-সোণৰ দৌলতৰ গৰাকী দেখিছোঁ, কাইলৈ হয়তো সেইজনক বাটৰ মগনীয়া দেখিম। আজি যাক দুখীয়া-নিচলা দেথি ঘিণ্ কৰি বাটত দেখিলেও গুচ্-গুচ্ কৰিছোঁ, কাইলৈ হয়তো সেইটো মানুহৰ ধন-সম্পত্তি দেখি দহজনে তাৰ ওচৰত হাত পাতিব লগাত পৰিব। ইয়াৰ প্ৰমাণ শান্তিৰাম গোহাঞি-বৰুৱাতে পোৱা যায়। যি শান্তিৰাম গোহাঞিবৰুৱাৰ সুখ-শান্তি,ধন-সম্পত্তি আৰু গৌৰৱ-ক্ষমতাৰ সীমা নাছিল, সেই শান্তিৰাম গোহাঞি-বৰুৱা জাতি-বিষয়াৰ অত্যাচাৰত তিষ্ঠিব নোৱাৰি,মৰমৰ ভাৰ্য্যা আৰু প্ৰাণৰ প্ৰাণ একেটি পুতেকে সৈতে ৰংপুৰ এৰি গুৱাহাটীলৈ ভটীয়াই পলাব লগীয়া হল!

 শান্তিৰাম গোহাঞি-বৰুৱা আৰু তেওঁৰ ভাৰ্য্যা কোন্ কলৈ গল, সিবিলাকৰ কি হল, এতিয়ালৈকে আমি তাৰ একো সম্ভেদ্ পোৱা নাই এখোন;