পৃষ্ঠা:লাহৰী.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰাণত আপদ ইমানেই জুৰিছে; আৰু সহ্য নহয়। কমলে এই দৰে মাজে মাজে উটি ভালেমান ভটীয়ালে। ৰাতিও শেহ নিশা পালেগৈ; আৰু এপৰ ৰাতি মাথোন বাকী আছে। এনেতে,উত্তৰ পাৰে সোমাই যোৱা পাক এটা ঘূঁৰোতেই,পানীৰ বৰ কোবাল ধাৰ এটাত পৰি গছজোপা চাঁতকৰে দাঁতিত লাগিলগৈ। কি বিপদ! এইখন যে দোৰ্ঘোৰ অৰণ্য। ইয়াত বাঘ, ভালুক, গঁড়, ম'হ, হাতী আদি বনৰীয়া জন্তু থাকে। এতিয়া কমলৰ কি গতি হ'ব! গছজোপা থমকা খাই ৰোৱাৰ গম পায়ে কমলে জানিলে যে,গছ ভাহি পাৰত লাগিলহি। সৰ্ব্বনাশ! কমল যে এতিয়া পাৰলৈ উঠি আহে। এতিয়া কি উপায়? কিন্তু,আমি হে ভয় কৰিছোঁ, কমলৰতো সেইবোৰ একো খবৰেই নাই; কমলৰ মানত নৈৰ মাজ যেনে,পাৰো তেনে। পাৰলৈ উঠি কমলে ইফালে সিফালে যাবলৈ বিচাৰি দেখে,দেখোন এখন অটব্য হাবি;কেনিও যাবৰ সন্ধি নাই। তাতে ৰাতিৰ কথা,ভয়ঙ্কৰ হাবি আৰু ভয়ঙ্কৰ হৈ পৰিছে! অলপমান পৰ ইফাল-সিফাল কৰোঁতেই কমলে ‘হাঁওহাঁও’ কৰা বাঘৰ গোঁজৰণি শুনিলে। ভালুক, গঁড়, ম'হ, হাতী ইত্যাদিৰ দুম্‌দুমনিত হাবি তোলপাৰ হৈছে, মাটি কঁপি উঠিছে! কমলক এতিয়া হে ভয়শূলে চাৰিওফালৰপৰা বিন্ধিবলৈ ধৰিলেহি। কোন মূহূৰ্ত্তত কিহে ধৰেহি ঠিক নাই। একো-একোবাৰ ধৰিলেহি ধৰিলেহি যেন ভাবি কোমল কমল সেই ফালেই মাটিত পৰি চেপেটা হৈছে। একো-একোবাৰ পগলাৰ দৰে ইফালে-সিফালে লৰি ফুৰি চাটিফুটি কৰিছে! হাঁয়,যিমানেই হওক, কমল নিচেই কুমলীয়া লৰা; কোনো দিন ঘৰৰপৰা বাহিৰ নোহাৱা লৰা। আৰু, এনে বিপদত কোমল কমলে হে নালাগে,কোনে নো ধৈৰ্য্য ধৰি থাকিব পাৰে! কমলে লাহেকৈ আকৌ যি গছে আনি এনে বিপদৰ মুখত পেলালেহি,সেই গছতে উঠি আগৰ দৰে একে ঠাইতে বহি ললেগৈ। এতিয়া কমলৰ ইচ্ছা কি?— কমলৰ ইচ্ছা, যেন আকৌ আগৰ দৰে বৰ-নৈৰ বুকুত সোমাই উপস্থিত