মনত কি বিৰাগ ভাব আহিল! আজি নো কমলৰ আইতাকে এনে আন্ধাৰ নিশা কমলক কেনেকৈ এৰি দিছে! এনে ঘোপ্মৰা আন্ধাৰত কমলে নৈৰ পাৰ দেখক ছাৰি,নিজৰ গাকে দেখা নাই। সময়ৰ এনে ভয়ঙ্কৰ মূৰ্ত্তি দেখি কমলৰ নো ভয় লগা নাই নে? কমলে দেখোন আজি ইমানতো কেৰেপকে কৰা নাই। আজি দেখোন কমল আগতকৈয়ো শান্ত আৰু গহীন। গছৰ পেৰেঙ্গেনিত বহি বৰনৈৰ শীতল বতাহ লৈ কমল ভোল গৈছে নে কি?—নহয়, আজি কমলৰ মানত সংসাৰ একেবাৰে অসাৰ! কমল আমাৰ চকুত সৰু আৰু আলসুৱা যদিও, কমলৰ জ্ঞানটি বুঢ়া। আজি আৰু কমলৰ ভয় নাই; আজিৰপৰা আৰু কমলে সাংসাৰিক ভয় বা বেজাৰ পাই নাকান্দে। হাঁয়,কান্দিব কাৰ ওচৰত! কমলে এই কুমলীয়া বয়সতে সংসাৰৰ অনেক দেখিলে,অনেক শুনিলে। বিশেষ, আজিৰ বিপদে কমলক বিপদৰ বাকীখিনিৰো শিকনি দিছে! এই মুহূৰ্ত্ততে যদি আকৌ গছে সৈতে কমল ডুবি যায়,তেও কমলৰ একো আপত্তি নাই, বেজাৰ নাই; বৰঞ্চ,মহাসুখে এই দুখময় সংসাৰৰপৰা তেওঁ একেবাৰে ইহজনমৰ নিমিত্তে বিদায় লব। কিন্তু, এটি কথা;কমলে ভাবিছে, জানোবা তেওঁৰ দেউতাক আৰু আইতাক তেওঁৰ দৰেই জীয়াই আছে। সেই একেটা ভাবে, সেই একেটা আশাই কমলক তেনে ইচ্ছাৰপৰা আঁতৰাই আনিছে। কমলৰ আৰু সেই সময়ত আন একো চিন্তা নাছিল। দেউতাক আৰু আইতাকৰ জীৱনৰ সম্বন্ধে অলপ সম্ভেদ্ পোৱা হলেই কমল নিশ্চিন্ত হলহেঁতেন। কিন্তু, এতিয়া আৰু কমলৰ অন্তৰত একো কথা নাই। বৰনৈৰ ইচ্ছা,যলৈকে নিবৰ মন যায়,যিহকে ঘটাব খোজ,তলৈকে নিয়ক, তাকে ঘটাওক,কমলৰ তাত একো আপত্তি নাই। কিন্তু,আমি কওঁ,আমি ব্ৰহ্মপুত্ৰ নদৰ ওচৰত প্ৰাৰ্থনা কৰোঁ,কমলক যেন ৰাতিপুৱালৈকে বাকী সময়ৰ নিমিত্তে তেওঁৰ বুকুতে ৰাখে। এনে ভয়ঙ্কৰ ৰাতি কমলক যেন কোনো হাবি-বননিত বনৰীয়া জন্তুৰ মাজত পেলাই নিদিয়ে নি। দুৰ্ভগীয়া কমলৰ
পৃষ্ঠা:লাহৰী.pdf/২৮
অৱয়ব