সমললৈ যাওক

পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বাদশ অধ্যায়


ঘূণাসুঁতিৰ গাৱঁত

Thine am I my faithful fair
Thine my lovely Nancy—
Every purpose along my veins
To the bosom lay my heart
There to throb and languish—
Though despair had wrung its core
that would heal its anguish
                         Robert Burns

 পিছদিনা ৰাতি পুৱালত আকৌ মিৰি গাঁৱত হুলস্থুল লাগি পৰিল, কিয়নো পানেই পলাল। আকৌ দিহাদিহি মানুহ ছুটিল। কিন্তু কতো পানেইৰ খবৰ নোলাল। লৰি এযোৰা মানুহ ঘূণাসুঁতিলৈ গল। গৈ জঙ্কিৰ মাহীয়েকৰ ঘৰত ওলালগৈ, তাতে দেখে যে জঙ্কি ঘৰতে আছে। সিহঁতে অকাই-পকাই জঙ্কিক ধৰিলেগৈ—"তয়েই এইবিলাক অনৰ্থৰ মূল। কচোন আকৌ পানেইক কত পলুৱালি?" এই কথাত জঙ্কিৰ বৰ খং উঠিল। সি কবলৈ ধৰিলে, "তহঁতে আকৌ কেলেই মোক ধৰিছ? সকলো অনিষ্টৰ মূল পানেইৰ মাক-বাপেক। এইবাৰ মই আজি মাহেকটো ঘৰতে আছোঁ, ক'লৈকো যোৱা নাই, জানো পানেই কলৈ গ'ল, মই কেনেকৈ ক'ম। তাই কিজানি মাক-বাপেকৰ দৌৰাত্ম্যত কৰবাত বিহ খায়েই