পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
মিৰি-জীয়ৰী

জঙ্কি! তই গলে আমাৰ গাঁওখন সুদা হৈ পৰিব। জঙ্কি! তই নহাকৈ নাথাকিবি দেই।"

 জঙ্কি—"ডালিমী! তোক মই মোৰ হৃদয়ৰ সকলো কথা ভাঙি কওঁ শুনচোন। ঈশ্বৰে মোৰ কপালত কি লেখিলে কব নোৱাৰোঁ। মোৰ সৰুতে আই-বোপাই মৰিল। সংসাৰত মোৰ কেৱেই নাই। অকল পানেয়েই মোক মৰম কৰিছিল; আৰু ডালিমী। তইও মোক ভনীৰ দৰে মৰম কৰিছিলি। মই গুচি গলে মাজে মাজে তহঁতৰ লগত ৰং-ধেমালি কৰি মোলৈ মনত কৰিবি দেই ডালিমী। আজি এতেদিনে ফুৰিছিলোঁ, কেতিয়াবা তহঁতৰ মনত বেজাৰ দিছিলোঁ, সকলো খেমিবি দেই। উভতি আহি পাওঁ যদি ডালিমী! আকৌ তহঁতৰ লগতে ভাই-ভনীৰ দৰে ফুৰিম।"

 ডালিমী—(চকু চলচলীয়া কৰি) "জঙ্কি! তই আজি এনেবিলাক কথা কেলেই কৈছে? ভালে-ভালে পানেইক লগত লৈ আহিবি যা।"

 এইদৰে দুয়ো সম্ভাষণ কৰিলে; তাৰ পিছত জঙ্কি গুচি গল। জঙ্কিয়ে পাছ দিওঁতেই প্ৰেমৰ পুতলি মোৰ এইজনী মিৰি-জীয়ৰীয়েও অন্তৰে সৈতে কান্দিবলৈ ধৰিলে। আৰু সেইদিনাৰ পৰা তাই আৰু গহীন হল। তাইৰ হৃদয়ৰ আশালতা উচ্ছেদ হল।

 এইবাৰ পানেই পলাওঁতে তাইৰ মাক-বাপেক প্ৰকৃততে দুঃখিত হল। নিৰমায়ে বুঢ়া তামেদক কব ধৰিলে—"তয়ে এইখন কৰিলি, মোৰ বাছাৰ মন নুবুজি ধনলৈহে চালি। মোৰ বাছা পানেই কলৈ গ'লি। বাছা উলটি আহ। তোক এইবাৰ বেজাৰ নিদিওঁ। তোৰ হৃদয়ৰ ধন তোৰ চেনেঙকে দিম। তোৰ চেনেঙকে চপাম। পানেই বাছা—ক'ত আছ আহ।" বুঢ়া তামেদৰ শিল-সম হৃদয়তো এইবাৰ