পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৭৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭৫
মিৰি-জীয়ৰী

দুখ লাগিল। সিও অন্তৰে সৈতে প্ৰতিজ্ঞা কৰিলে যে পানেইক পালে জঙ্কিলৈকে দিব।

 দুই তিনি দিনৰ মূৰত জঙ্কিয়ে সকলো লাজ, সকলো অপমান কাতি কৰি থৈও বুঢ়া তামেদ-নিৰমাৰ ঘৰলৈ আহিল। আৰু বুঢ়া-বুঢ়ীক সেৱা কৰি কবলৈ ধৰিলে—"বোপাই মই দোষী নহওঁ। তহঁতৰ জীয়ৰীয়েও মোক সৰুৰে পৰা ভাল পালে, তহঁতে মোক যদি চপাই ললিহেতেঁন তেন্তে এটায়ে সুখে থাকিলোঁহেঁতেন।"

 তামেদ—"জঙ্কি মোৰ এনেয়ে মনত বেজাৰ, তাতে তই দুখ দিবলৈ কেলেই আহিলি? কৰবাত তাইক লুকুৱাই থৈছ যদি লৈ আহ, মই আজি তোৰ আগতে কাৰ্সিং কাৰ্টানক সাখী কৰি শপত কৰিলোঁ তোকে তাইক দিম।"

 নিৰমা—"এৰা বোপাই! কত থৈছ মোৰ বাছাক লৈ আহ। তাইক তোকে দিম।" তামেদ আৰু নিৰমাৰ কথাত জঙ্কিয়ে এইবাৰ আনন্দ লভিলে। সি জানিলে ঈশ্বৰ তালৈ প্ৰসন্ন হল। সি কবলৈ ধৰিলে—"আই-বোপাই! মই এইবাৰ পানেইক পলুওৱা নাই, যদি কৰবাত আছে মই বিচাৰি আনি তহঁতকে দিমহি। দিয় দিবি মোক নিদিয় নাই। আৰু বোপাই । যদিহে তাইক নেপাওঁ, তাই কৰবাত মৰিছে, তেন্তে নিশ্চয় জানিবি জঙ্কিৰো নাম নুমাল; যলৈকে পাওঁ তলৈকে উজানে-ভাটিয়ে গুচি যাম।" এইবুলি মনতে সংকল্প কৰি জঙ্কি পথালিপামৰ ফাললৈ মুখ কৰি ৰাওণা হ'ল।

⸺⸺