পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
মিৰি-জীয়ৰী

মৰিল। মাক-বাপেকেই তাইৰ দোষৰ ভাগী হল।" এইবুলি জঙ্কিয়ে কপালত চাপৰ মাৰি "মোৰ এইখন কপাল, মই কি কুখেণত জন্মিছিলোঁ!" এই বুলি কান্দিব ধৰিলে। জঙ্কিৰ এই কথা মিৰিহঁত আচৰিত হল। গাঁৱৰ জঙ্কিৰ মানুহ-দুনুহবিলাকেও জঙ্কি এইবাৰ কলৈকো যোৱা নাই এই কথাষাৰৰ সাক্ষী দিলে। দুঃখিত মনেৰে সোৱণশিৰীৰ মিৰিজাক গুচি গল। পানেই আকৌ পলাইছে—এই বাতৰি ক্ৰমে ডালিমীৰ কাণতো পৰিল। ডালিমীৰ হৃদয়ত আকৌ দুটি ভাবে খেলিব ধৰিলে। তাই জানিলে যে জঙ্কিয়ে আকৌ তাৰ প্ৰণয়িণীক গৈ বিচাৰি উলিয়াব।

 জঙ্কিয়ে মিৰিহঁত গুচি গলত তাৰ হাতত যি টকা-সিকা আছিল সমস্তকে লৈ কিবা এটা মন কৰি ওলাল। যাবৰ পৰত ডালিমীক মাত দি যোৱাটো উচিত বিবেচনা কৰি ডালিমীক লগ ধৰিলেগৈ। সি গৈ পোৱা মাত্ৰকে ডালিমীয়ে সুধিলে—"জঙ্কি! মই শুনিলোঁ পানেই বোলে আকৌ পলাল।" জঙ্কিয়ে কলে—"হয় ডালিমী। তই যি কৈছ ময়ো তাকে শুনিছো।"

 ডালিমী—"এতিয়ানো তই কি কৰিবি জঙ্কি?"

 জঙ্কি—"ডালিমী! মই মনে মনে এটা কথা থিৰ কৰিছোঁ। তাইক বিচাৰি যাওঁ। ঈশ্বৰে যদি মোৰ কপালত লেখিছে মই তাইক বিচাৰি এইবাৰ একেবাৰে আনিমগৈ। আৰু ডালিমী (চকু চলচলীয়া কৰি) যদি তাইক নেপাওঁ তেন্তে মই ইয়ালৈ উলটি নাহোঁ। এই দেশ এৰি যতে পাওঁ ততে থাকিম। নহলে কৰবাত মৰিমগৈয়ে।" জঙ্কিৰ এই কথাত ডালিমীয়ে মৰ্ম্মান্তিক বেদনা পালে, আৰু ক'লে—"জঙ্কি বাৰু বিচাৰিবলৈ যা। ঈশ্বৰে তাইক তোক মিলাই দিব। যদি নাপাওৱ তেনেহলে আকৌ ফিৰি আহিবি।