পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
মিৰি-জীয়ৰী

নহয় সেই পৰ্য্যন্ত পানেই বাপেকৰ লগত থাকিব। জঙ্কি কি, কমুদ কি, মাক-বাপেক কোনেও তাইক বিৰক্ত নকৰিব।" পানেইৰ মাক-বাপেকে "হুজুৰ আমি মেল কৰি নিষ্পত্তি কৰিম" বুলি হাকিমৰ আগত ভালৰি বোলাই গল। বুঢ়া তামেদে পানেইক হাতত ধৰি টানি নিলে। তাই কান্দি কান্দি বুকুত ভুকুৱাই গল, বাপেকে বাটে বাটে গৰ্জ্জি যাবলৈ ধৰিলে। আমোলাবৰ্গৰ দুই-চাৰিজন ডেকা তৰফৰ বাবুৱে মত প্ৰকাশ কৰিলে—"সিহঁত দুই ভাল মিলিছিল, মাক-বাপেকে কেলেই বিঘিনি পাতিছে।" বুঢ়া কেইজনমানে কলে,—"মিৰিয়ে নিজ দস্তুৰমতেহে কাম কৰিব। মাক-বাপেকে যতে দিয়ে তাই তালৈকে যাব লাগিছিল।"


⸺⸺