পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৬৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


এবাৰ গৈ কামত বহিছে, এবাৰ উঠি আহি মাজতে কথা এটা উলিয়াই হাঁহিছে আৰু মাজে মাজে দুই-এক আষাৰ হাঁহি উঠা কথা পাতিছে। তাৰ পাছত এজনা বিদ্বান বয়সীয়াল উকীল ডাঙ্গৰীয়াই এটি-দুটি কথা-বতৰা পাতিছে। মাজে মাজে দুই-এখনি তামোল দিছে। বুঢ়া আমোলা এজনাই কপালত চিকুণ ফোঁট মাৰি গলত এধাৰ মালাৰে সৈতে চকীত বহি বহি মূৰ পুতি কাম কৰিছে; মাজে মাজে উকীল ডাঙ্গৰীয়াসকলৰ কথাও শুনিছে। মেল প্ৰায় পূৰঠ হবলৈ ধৰিছে। এনেতে সিফালৰ পৰা এজন আমাৰ মুছলমান আমালা ওলালহি। তেওঁ আহি পোৱা মাত্ৰেই ভৰকিয়াল গাৰে এই মেলৰ মূল কৰ্তাগৰাকী আৰু তেওঁৰ পালি-স্বৰূপ আৰু এজনা কোট, ঠেঙ্গা পিন্ধা বাবুৱে মাত লগালে, "আহ ভাই আহ, তই অহা নাই দেখিহে আমাৰ মেল পূৰঠ হোৱা নাই।" তত্ক্ষণাৎ মুছলমান আমোলাজনে মিচিককৈ হাঁহি এটা মাৰি বহিল। সেইবাৰ মেলো পূৰঠ হৈ গল। এইদৰে কাছাৰি বহাৰ অলপ আগলৈকে কেৰাণী আমোলা এটায়ে ইষ্ট-আলাপ কৰিবলৈ ধৰিলে। লক্ষীমপুৰৰ কাছাৰিৰ সকলো আমোলাই সুখী, পৰস্পৰ-পৰস্পৰে এনে সদ্ভাৱ যে, দেখিলে বোধ হয় অসমৰ আন কোনো ঠাইতে এনে প্ৰীতি, এনে মিল ক'তো নাই। কিন্তু সেইবুলি চৰকাৰী কামৰ কিবা ব্যাঘাত হৈছেনে সেইটো নহয়। চৰকাৰী কাম বৰং লক্ষীমপুৰত যেনে সুবন্দৱস্তত চলিছে, বোধকৰোঁ অতি অলপ ঠাইতেহে এনে সুবন্দৱস্ত আছে।

 বেলা চাৰে দহোটা বাজিল। চহৰৰ ঘাইগৰাকী ধৰ্ম্মৰ অৱতাৰ স্বৰূপ, ন্যায়ৰ আধাৰ স্বৰূপ, মাজিষ্ট্ৰেট উপস্থিত হল। এজলাচত বহিল গৈ, তত্ক্ষণাৎ সকলো আমোলাবৰ্গ, উকীল-মুক্তিয়াৰ থিয়