পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
মিৰি-জীয়ৰী

কোমল বয়সীযা ছোৱালী জনীয়েনো কি কাৰণে এনেকৈ নিজৰ দেহটো আঁজুৰিব লাগিছে ইয়াৰ কাৰণ কি, কাছাৰিৰ আমোলাবৰ্গ কৌতুকিত হৈ চাবলৈ ধৰিলে। পোনেই এজন বাবুৱে মাত লগালে—"তহঁতৰ কি হৈছে?" এনেতে আন এজন বাবুৱে কবলৈ ধৰিলে—"অ' এই গাভৰুজনী গ'ল বছৰ আমাৰ জিলালৈ আহি বিহু নাচিছিল নহয়?" এজন বাবুৱে মাত লগালে—"অ এইটো দেখোন সেই পেঁপা বজোৱা মিৰিটো। তহঁতৰ কি হৈছে?" মিৰিহঁতৰ ভিতৰত এটাই কলে,—"তাইক ই ফুচুলিয়াই পলুৱাই নিছিল।" তত্ক্ষণাৎ আন এটাই মাত দিলে,—"তাই নিজে গৈছিল।" পাঠক! ইহঁত কোন চিনি পাইছেনে? ইহঁতেই সেই কমুদ, তামেদ, জঙ্কি, ডালিমীৰ বাপেক, পানেই, ডালিমী ইত্যাদি মিৰি জাক। আপোচত ইহঁতৰ মেল নিছিগিল, কাছাৰিত আহি হাজিৰ হল। কূট বুদ্ধিৰ তৰণীৰ লেখাৰ জোৰত জঙ্কিৰ ওপৰত অপহৰণ মোকৰ্দ্দমা পৰিল। হাকিমে বিচাৰ কৰিবলৈ ধৰিলে। পাঠক! ইহঁতৰ বেবেৰি-বাং জবানবন্দী নিজ নিজ মতলবে সাক্ষী দিয়া-দিয়ি হল। কোনেও নিজৰ কোবটো নেৰে। আমি আগেয়ে কৈছোঁ মিৰি জাতিটো একুৰিয়া। পেটত এটা কথা ৰাখি মুখেৰে চৈধ্য ব্ৰহ্মাণ্ড ঘূৰিব, কেতিয়াও হঠাতে সঁচা কবলৈ আগ নাবাঢ়িব। সকলোৱে নিজৰ মূল উদ্দেশ্য ৰাখিহে কথা কব, সেইদেখি কমুদ-তামেদৰ তৰফৰ পৰা চুৰি, অপহৰণ, ফুচুলিওৱা, পলুৱা ইত্যাদি কথা বৰ্ষণ হবলৈ ধৰিলে। আৰু জঙ্কিৰ তৰফৰ পৰা "তাই নিজে গৈছে" ইত্যাদি প্ৰমাণ হবলৈ ধৰিলে। হাকিম বেবেৰিবাং মেলত পৰিল। সঁচা কোনটো, মিছা কোনটো ঠিক কৰিব নোৱাৰাত পৰিল। অৱশেষত ছোৱালীজনীৰ জবানবন্দী মতে হাকিমে প্ৰায় একৰকম জঙ্কিৰ তৰফেই হুকুম দিলে। হুকুম হল-"মোকৰ্দ্দমা ফৌজদাৰিত চলিব নোৱাৰে। অপহৰণৰ প্ৰমাণ নাই। দেওয়ানী হৱ পাৰে আৰু যি পৰ্য্যন্ত দেওয়ানী নিষ্পত্তি