পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৬৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


দশম অধ্যায়


লক্ষীমপুৰ নগৰত

 লক্ষীমপুৰ নগৰত ৰাতিপুৱা প্ৰায় বেলি আঠ-ন মান বাজিছে। দুই-এজন আমোলা ৰাতিপুৱাই কাছাৰিলৈ গৈছে। কেইজনমানে ৰাতিপুৱাই দল বান্ধি ডাক-ঘৰলৈ মুখ কৰি ফুৰিবলৈ গৈছে। দুই-এজনে আকৌ এক বাবুৰ ঘৰত বিহ কথা বতৰা পাতি আমোদ কৰিছে। দই-এজনে কাতিমহীয়া শাকতলিত সোমাই শাক খুচৰিছে। এইদৰে ৰাতিপুৱাৰ সময় গল, বেলি আঠ-ন বাজিল। সকলোৱে লৰালৰিকৈ গা-পা ধুই খাই-বই দহোটা বজাত কাছাৰি পালেগৈ। লক্ষীমপুৰৰ কাছাৰি ঘৰটো সৰু; কিন্তু সেয়ে পৰিষ্কাৰ-পৰিচ্ছন্নৰূপে সজোৱা। আমোলাসকলৰ পৰিশ্ৰমতে সকলো চাফ্‌-চিকণ; দেখিলে মন হৰ্ষিত হয়। বেলি দহোটা বাজিল। সকলো আমোলা চাপিলগৈ। সকলোৱে লাহে লাহে গৈ চিত্তৰ তুষ্টিৰে থূপ খাই গল্প আৰম্ভ কৰিবলৈ ধৰিলে। ধীৰ, গহীন প্ৰকৃতিৰ এজন ডাঙ্গৰীয়াই ধীৰে ধীৰে লাহে লাহেকৈ দুই-এটি নিৰ্দ্দোষ আমোদ লগা কথা পাতিছে। লগে লগে এখন-দুখন তামোলো দিছে। ডাঙ্গৰীয়া নিতান্ত সৰল প্ৰকৃতিৰ হোজা বিধৰ মানুহ, বৰ দয়ালু আৰু ধৰ্ম্ম-ভীৰু। বয়সিয়াল হলেও তেওঁৰ কথাত সদায় ৰস, সদায় অমিয়া বচন। মাজে মাজে দুই-একোটি ফুচুৰি গল্প পাতিবলৈকো জানে। তাৰ পাছতে আৰু এজনা ডাঙ্গৰীয়াই