জঙ্কি—(ডালিমীৰ হাতত ধৰি) ডালিমী। তই প্ৰকৃততে মোক ভনীৰ দৰে চেনেহ কৰ। ডালিমী যাওঁ দেই।
ডালিমী—(মুখ ফিৰাই) যাগৈনা জঙ্কি।
জঙ্কি—ডালিমী। তই দেখোন কান্দিছ। কিয় কান্দিছ ডালিমী?
ডালিমী—পানেইৰ দুখৰ কথা শুনি।
এই কথা কোৱাৰ পিছতে জঙ্কি উঠি গল। কিন্তু তাৰ হৃদয়ত আজি ডালিমীৰ চকুলো দেখি অলপ সন্দেহৰ ভাবে খেলিবলৈ ধৰিলে। কিন্তু যি কি নহওক সি মনে মনে এইটোকে ভাবিলে যে ডালিমী প্ৰকৃততে বৰ সহৃদয়া। ডালিমী প্ৰকৃততে তাৰ বৰ উপকাৰী ভনীয়েকৰ দৰে।
আৰু ডালিমী। পাঠক! ডালিমীৰ প্ৰকৃত অৱস্থা কি বুজিব পাৰিছেনে? তাইনো কেলেই কান্দিছে? তাই বুজিব পাৰিছে যে জঙ্কিৰ চেনেহ দৃঢ় ৰূপে পানেইলৈহে বহিছে। সেই চেনেহৰ সোঁত আন কোনো ফালে নবয়। সেইদেখি তাই হৃদয়ত মৰ্মান্তক বেদনা পালে। সেই বেদনা তাই চেষ্টা কৰিও দমাব নোৱাৰিলে; আপোনা-আপুনি তাইৰ হৃদয়ৰ নিজৰা ফুটি এবাৰ বেগেৰে পানী ওলাল—ডালিমীয়ে কান্দি পেলালে। কিন্তু তাই এনেকুৱা মৰ্মান্তিক বেদনা পালেও তাইৰ প্ৰণয়ত স্বাৰ্থ নোসোমাল। তাই মনে মনে চিন্তা কৰিলে যে যদি নাওখন দিয়াব পাৰিলেই জঙ্কি সুখী হয়— তেনেহলেনো তাই জঙ্কিৰ এই এফেৰা উপকাৰ কৰি ভাল পোৱাৰ ভাজন নহব কেলেই? অন্ততঃ জঙ্কিয়েতো তাই উপকাৰী বুলি ভাবিব।
আৰু পানেই—পানেইৰ নো কি হল! বাপেকে তাইক বল কৰি দিওঁ বুলিছিল; কিন্তু ঈশ্বৰৰ ইচ্ছাত যিদিনা সেই কাম কৰোঁ