সমললৈ যাওক

পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
মিৰি-জীয়ৰী

 তাই এইদৰে এদিন মনতে চিন্তা কৰি বহি আছে। ইফালৰ পৰা জঙ্কি সিহঁতৰ ঘৰলৈকে গল। সেইদিনা কিন্তু ডালিমী ঘৰত অকলে আছিল। মাক-বাপেক ইত্যাদি সকলো দিহা-দিহি কৰবালৈ গৈছেল। জঙ্কিয়ে লাহেকৈ সিহঁতৰ চোতালৰ আগতে বহিলগৈ। আৰু ডালিমীক দেখা পাই সুধিলে—“ডালিমী, বাপেৰ কলৈ গল?’’ ডালিমীয়ে উত্তৰ কৰিলে:—জঙ্কি সিহঁত আজি ঘৰত নাই। গধূলিহে আহিব; কেলেই বোপাই বিচাৰিছ জঙ্কি?

 জঙ্কি—ডালিমী! মোৰ এটা কথা আছিল। কাইলৈ মই সোৱণশিৰীলৈ যাওঁ বুলিছিলোঁ।

 ডালিমী—কিয়নো যাৱ?

 জঙ্কি—ডালিমী! তোক মই এনেকৈ মোৰ সকলো কথা কলো। তই মোক এফেৰা উপকাৰ কৰিবিনে?

 ডালিমী—কি উপকাৰ জঙ্কি?

 জঙিকি—তোৰ বাপেৰৰ তিনি-চাৰিখন নাও আছে। কাইলৈ মই সোৱণশিৰীলৈ যাওঁ বুলিছিলোঁ, এখন নাও লাগিছিল।

 ডালিমী—মোক কচোন নাওনো কেলেই?

 জঙিকি—তোক মই ভনীৰ দৰে চেনেহ কৰোঁ। তোৰ আগত মই সকলো কথা ভাঙি কওঁচোন শুন।

 ডালিমী—কি বাৰু?

 জঙ্কি—পানেইক মাক-বাপেকে বল কৰি কমুদলৈ দিব খুজিছে। তাই মোলৈ বাতৰি দিছে বোলে মই হেনো তাইক পলুৱাই আনিব লাগে। ডালিমী, মোৰ যদি জীৱটোও যায় তথাপি তাইক নেৰোঁ। বাপেৰকো আহি মই ক'ম, তইও দিবলৈ কবিনে?

 ডালিমী—(মুখ ফিৰাই) বাৰু ক'ম দে।