পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৫৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


অষ্টম অধ্যায়


এন্ধাৰ নিশা


 জঙ্কিয়ে সেই কথা কবৰ দিনাৰে পৰা ডালিমীৰ হৃদয়ত এডাল শেল বাজিল। তাই কেতিয়াও নাভাবিছিল যে জঙ্কিয়ে তাইক এনেকুৱা মৰ্ম্মভেদী কথা কব। তাই কেতিয়াও নাভাবিছিল যে জঙ্কিয়ে তাইক ভাল নাপালেও তাই দেখিবলৈ বেয়া এনে এটা কথা বুজাব। যি ডালিমীয়ে আজি অত দিনে তাই নিজৰ মনতে “মই দেখিবলৈ বাল আৰু মই ভালকৈ নাচিব জানো’’ বুলি অলপ বালিকাসুলভ আত্ম-গৌৰৱ কৰিছিল, সেই ডালিমীয়ে আজি জঙ্কিৰ এনেকুৱা চিধা কথাত তাই নিজকে সংসাৰৰ অতি নীচতকৈও নীচ ভাবিবলৈ ধৰিলে।

 সেই দিনাৰে পাৰ ডালিমীয়ে জঙ্কিৰ লগত বিহু নাচিবলৈ এৰিলে। সেইদিনাৰে পৰা ডালিমীয়ে জঙ্কিৰে সৈতে মন খুলি কথা-বতৰা পাতিবলৈ এৰিলে।

 অৱশ্যে ডালিমীয়ে যে জঙ্কিলৈ প্ৰাণৰ পৰা শত্ৰু ভাব কৰিলে এনে নহয়। বৰং তাৰ চিধা কথাত তাক শত্ৰু ভাব নকৰি সি যে এক খোলা চিত্তৰ মানুহ এইটোহে বুজিলে। আৰু যেতিয়াই তাই জানিব পাৰিলে যে জঙ্কিৰ চিত্তক আন এজনে অধিকাৰ কৰিছে, সেই ঠাই তাই দখল কৰিবলৈ নোৱাৰে, তেতিয়াই তাই নিজৰ সমস্ত আশা-ভৰসা এৰিলে আৰু জঙ্কিৰ সৈতে কুটুম্বতা ভাব ত্যাগ কৰি মুঠেই সচৰাচৰ বন্ধুত্ব ভাৱ ৰাখিলে।