পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৬১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৮
মিৰি-জীয়ৰী

বুলি প্ৰতিজ্ঞা কৰিছিল, সেই কাম সিদ্ধি নহল। কমুদ সেইদিনা পথালিপামৰ ফালে এটা সকামত যাবলগীয়াত পৰিছিল। এই দুদিনৰ ভিতৰত পানেয়ে মনতে থিৰ কৰিলে যে তাই মাক-বাপেককো এৰিব। তাই লগ সমনীয়াৰ নিন্দাৰ ভাজন হৈয়ো তাই তাইৰ ভাল পোৱা বস্তুৰ লগ লাগিব। হাতী, ম'হ, বাঘ ইত্যাদিকো ভয় নকৰি তাই পলাব।

 সেই সুযোগ মিলিল। ৰকমীৰ সহায়ত জঙ্কিলৈ খবৰ পঠিয়ালে। জঙ্কিয়ে এন্ধাৰ নিশা নাও এখন লৈ ঘাটত উপস্থিত হল। পানেয়ে শৌচ কৰিবলৈ যাওঁ বুলি ফাঁকি দি নাৱত উঠিলগৈ। তেতিয়াই সেই নাও দ্ৰুত বেগেৰে আই সোৱণশিৰীৰ ধাৰত আৰু বলিষ্ঠ জঙ্কিৰ বঠাৰ চাবত ৰাতা-ৰাতি ভটিয়াব ধৰিলে। তাইৰ অহাত পলম হোৱা দেখি বুঢ়া তামেদে আৰু বুঢ়ী নিৰমায়ে বিচাৰি গল। গাঁৱত তেনেই তোল-পাৰ লাগিল। দিহা-দিহি মানুহে বিচাৰিব ধৰিলে। কিন্তু পানেইক নাপালে।

⸺⸺