পৃষ্ঠা:ভেনিচৰ সাওদ.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
ভেনিচৰ সাওদ।

যে চুলিৰ আগ এডোখৰ হেৰুৱাব, সি কেতিয়াও নহয়। আমাৰ বিয়া হৈ যাওক, তুমি তাৰ পিছতে ভেনিচলৈ যাবা। এই ধাৰৰ কুৰিগুণ দিবৰ বাবে তোমাক টকা দিম। ধাৰ শুজাৰ পাছত তোমাৰ বন্ধুক লগত লৈ আহিবা। মই আৰু নেৰীচা তোমালোকৰ বাবে বাট চাই থাকিম। এণ্টোনিৱে কি লেখিছে পঢ়াঁচোন।”

 বেচানিৱে চিঠি পঢ়ি শুনালে। চিঠিত এই আছিল,—“মৰমৰ বেচানিও, মোৰ এটাইকেখন জাহাজ নষ্ট হ’ল। ধৰুৱাবোৰে নেৰানেপেৰা হৈ পৰিছে। সম্পত্তিৰ অৱস্থা একেবাৰে বেয়া। ইহুদীৰ খতৰ সময় উকলিছে। এই ধাৰ শুজুতে প্ৰাণ হেৰুৱাম, ই নিশ্চয়। মোৰ মৃত্যুৰ আগেয়ে এবাৰ তোমাক যদি দেখা পাওঁ, আমাৰ দুইৰো টকা কৰিৰ হিচাব মিটিব। তুমি যদি মৰম কৰি নাহা, তেন্তে এই চিঠি লেখাৰ বাবে যেন তুমি নাহা। মোলৈ তোমাৰ মৰমে যদি তোমাক মোৰ ওচৰলৈ নানে, চিঠিয়ে যেন নানে চাবা।”

 বিয়া হৈ যোৱাৰ পাছত চালানিওৰে সৈতে গ্ৰেটিয়ানোক লৈ বেচানিও ভেনিচলৈ গ’ল। পোৰ্শ্বিয়া আৰু নেৰীচা বেলমণ্টতে থাকিল। লৰেঞ্জো, জেচীকাহঁতে তাতে থাকিল। পোৰ্শ্বিয়াই এই দুজনক আশ্ৰয় দিছিল। জেচীকাৰপৰা পোৰ্শ্বিয়াই, শ্বাইলকে এদিন যে কৈছিল— খ্ৰীষ্টান এণ্টোনিওৰপৰা টকা নাপালে সি এণ্টোনিওৰ মঙহ কাটিহে এৰিব, এই কথা শুনি বৰ ভাৱনাত পৰিল। তেওঁ তেওঁৰ সম্পৰ্কীয় আইনজ্ঞ পণ্ডিত বেলাৰিওৰ ওচৰলৈ তেওঁৰ বিশ্বাসী ভৃত্য বাল্‌থাজাৰক এখন চিঠি দি পঠিয়ালে আৰু বাল্‌থাজাৰে ভেনিচলৈ লৈ যোৱা নাৱৰ ঘাটৰ ওচৰত উত্তৰ লৈ আহি বাট চাই থাকিবলৈ তাক আজ্ঞা কৰিলে।

⸻:o:⸻