পৃষ্ঠা:ভেনিচৰ সাওদ.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
ভেনিচৰ সাওদ।


কমকৈ ধৰিলেও আধা লাখ ডাকাট মোৰ ক্ষতি হোৱা দেখি সি কত আনন্দ কৰিছে; লাভ দেখি কত উপহাস কৰিছে! আমাৰ সমগ্ৰ জাতিক সি ঘৃণাৰ চকুৰে দেখে, মোৰ বন্ধুসকলক সি মোৰ পৰা বিচ্ছেদ কৰিছে! শত্ৰুক সি মোৰ বিপক্ষে সহায় কৰে। মোৰ সি কত লোকচান কত অপমান কৰিছে! কিয়? কাৰণ কি? কিহৰ বাবে সি এনে কৰে?—মই ইহুদী সেই গুণে? ইহুদীৰ চকু নাই নে? ইহুদীৰ হাত, অংগপ্ৰত্যংগ, চেনেহ, মমতা, দয়া, ধৰম, আকাৰ-প্ৰকাৰ আনৰ দৰে নাই নে? তোমালোকে যি বস্তু খোৱা, আমিও সেই বস্তু খাওঁ। যি অস্ত্ৰ-শস্ত্ৰৰ দ্বাৰা তোমালোকৰ গাত আঘাত লাগে, আমাৰ গাতো সেই অস্ত্ৰ-শস্ত্ৰ লাগিলে আমি দুখ পাওঁ। তোমালোকক এই পৃথিৱীত যি ৰোগে আক্ৰমণ কৰে আমাকো সেই একে ৰোগেই আক্ৰমণ কৰে, আকৌ একে উপায়েৰেই আমাৰ সেই ৰোগ ভাল হয়। তোমালোকে যি উপায়েৰে ৰোগৰ প্ৰতিকাৰ কৰা, আমিও সেই উপায়েৰে কৰোঁ। খ্ৰীষ্টানসকলৰ যেনেকৈ জহ কালি জহ লাগে, জাৰ কালি জাৰ লাগে, আমাৰো সেই দৰে জহত জহ, জাৰত জাৰ লাগে। তোমালোকে আমাক খুচিলে আমাৰ তেজ নোলায় নে? আমাক ভাকুটকুটুৱা যদি আমি নেহাঁহো নে? আমাক যদি বিহ খুউৱা আমি নমৰোঁ নে? আৰু তোমালোকে যদি আমাক অন্যায় কৰা, আমি প্ৰতিশোধ নল'ম নে? আন আন সকলো কথাত যদি তোমালোক আৰু আমি একে, এই কথাতো আমি তোমালোকৰ দৰে। যদি ইহুদী এজনে খ্ৰীষ্টান এটাক কোনো অন্যায় কৰে, তাৰ শাস্তি কি? প্ৰতিশোধ নহয় নে? আৰু খ্ৰীষ্টান এটাই যদি আমাৰ ইহুদী এজনক অন্যায় ব্যৱহাৰ কৰে, তোমালোকৰে আৰ্হি লৈ আমি তাৰ প্ৰতিশোধ লোৱা উচিত নহয় নে? অৱশ্যে প্ৰতিশোধ লোৱাই তাৰ শাস্তি। তোমালোকৰ পৰা যি শিকিছোঁ, আমি তাকে