পৃষ্ঠা:ভেনিচৰ সাওদ.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ভেনিচৰ সাওদ।


ঘিণাইছিল। এণ্টোনিও খ্ৰীষ্টান সাওদ, বিখ্যাত সাওদ; বজাৰত ৰিয়াণ্টোত এণ্টোনিৱে শ্বাইলকক সৰহ সুত লোৱাৰ বাবে প্ৰায়ে ইতিকিং কৰিছিল আৰু ঘৃণা প্ৰকাশ কৰিছিল; এতিয়া বাচানিও সেই শ্বাইলকৰ ওচৰলৈকে টকাৰ নিমিত্তে আহিল।—

 বাচানিৱে শ্বাইলকৰপৰা তিনি মাহৰ বাবে তিনি হাজাৰ ডাকাট্ ( ভেনিচ দেশীয় মুদ্ৰা ) ধাৰে খুজিলে আৰু কলে যে, সেই টকাৰ বাবে এণ্টোনিও দায়ী। এণ্টোনিওৰ নাম শুনি শ্বাইলকে দিবলৈ স্বীকাৰ কৰিলে, আৰু ভাবিবলৈ ধৰিলে।

 অলপ পাছত শ্বাইলকে এণ্টোনিওৰে সৈতে দেখা কৰিব খুজিলে। বাচানিৱে কলে, “আজি নিশাৰ ভোজলৈ গলে নিশ্চয় দেখা হব।” শ্বাইলকে উত্তৰ কৰিলে, “এৰা, গাহৰিৰ গোন্ধ সুঙিবলৈ; যাৰ গাত তোমালোকৰ গুৰুৱে চয়তানক সুমুৱাইছিল তাক খাবলৈ? তোমালোকেৰে সৈতে বেচা কিনা কৰিম, কথা পাতিম, ফুৰিম, কিন্তু তোমালোকেৰে সৈতে পান ভোজন নকৰোঁ, ভগৱানৰ নাম নলওঁ।”

 এইবোৰ কথা পাতি থাকোঁতে এণ্টোনিও আহি লগ লাগিলহি। এণ্টোনিওক দেখি শ্বাইলকে ভাবিলে, “ইয়েই নহয়, মই বাঢ়িলৈ টকা ধাৰ দিওঁ দেখি মোক মানুহৰ আগত ইতিকিং কৰে, আমাৰ জাতৰ মানুহক ঘিণায়, আকৌ বেপাৰৰ অনিষ্ট কৰে। এবাৰ যদি ইয়াক ঠেকত পেলাই ধৰিব পাৰোঁ, তেন্তে ইয়াকে দেখুৱাম। ইয়াক যদি মই এৰোঁ, তেনেহলে মই হতশ্ৰী হম!”

 সি এণ্টোনিওৰ পিনে চাই কলে, “আহক ডাঙৰীয়া, আপোনাৰ বিষয়েই আমি কথা-বতৰা পাতিছিলোঁ।”

 এণ্টো—“শ্বাইলক, যদিও মই কেতিয়াও বাঢ়িলৈ টকা ধাৰ নকৰোঁ, কি নিদিওঁ, তথাপি বন্ধুৰ উপকাৰৰ অৰ্থে তোৰপৰা, বাঢ়ি দি টকা লম।