পৃষ্ঠা:ভূত নে ভ্ৰম.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬০
ভূত নে ভ্ৰম।

সোণ।—(চকুৰ টিপ্‌ মাৰি) বাজে কথা নুলিয়াবাচোন। মনে মনে থাকাঁ তুমি।

মুক্তি।—সেইটো দোষ ধৰিব লগীয়া কথা নহয়, শোধন কৰিব লগীয়া বিষয় হে। সৰল বিশ্বাসৰ ওপৰত কাম কৰি ঘাটি খালেও তাত মূল্য থাকে, আৰু কৰ্ত্তা জন শলাগৰ পাত্ৰ হয়। মিষ্টাৰ ৰাজখোৱাৰ সম্পৰ্কেও সেয়ে কথা।

ভূত।—দেখিলা বন্ধুসকল! ভূত-বিশ্বাসৰ কুফল আমাৰ নিজৰ গাতে কেনেকৈ ফলিয়াইছে। ই আমাৰ বৰ্তমান উচ্চশিক্ষাৰ ভ্ৰান্তি-দোষ দেখুৱা নাই, দেখুৱাইছে আমাৰ শিশুশিক্ষাৰ ভ্ৰম-দোষ। সৰুতে আমি নিজৰ পিতৃ-মাতৃ আৰু সমাজৰ বুঢ়া-মেথাৰপৰা ভূতৰ যি বিবৰণ পাই আহিছিলোঁ, তাৰেই বিবৃতি আমাৰ স্বভাৱত এনে ভাৱে মিলি গৈছে যে, আজি সি আন্তৰিক-বৃত্তিৰ দৰে আমাৰ ওপৰত প্ৰভূত্ব চলাইছে। ইয়াতকৈ বেচি সাংঘাতিক সামাজিক দোষ আৰু কি হব পাৰে! কিন্তু, ধুৰুপ বুজিবাহঁক “Good cometh out of evil” অৰ্থাৎ, আপদে সম্পদ মিলায়। আমাৰ মিষ্টাৰ ৰাজখোৱা এজনৰ পটন্তৰেৰে আমি এশ জনৰ মনৰ ভ্ৰান্তি গুচাবলৈ চল পামহঁক। বিশেষতঃ, আমাৰ সংস্কাৰ-সমিতিৰ উদ্দেশ্যও সেয়েই। সেই ভ্ৰান্তি গুচাবলৈ আজিৰপৰা আমাৰ সংকল্প দৃঢ়তৰ হল। ৰাজখোৱাদেৱৰ জ্বলন্ত পটন্তৰে ৰাইজক পোহৰাই দেখুৱাব যে, ভূত বুলি একো এটা নাই, সি ভ্ৰম হে। সেই ভ্ৰমে কাছুটি হেৰুৱায়।

মুক্তি।—নিশ্চয় ভ্ৰম; ভূত নহয়, ভ্ৰম মাথোন। মই তাৰ জ্বলন্ত পটন্তৰৰে সৈতে আজি বৰচহকী হলোঁ। এই পটন্তৰ ঘৰে ঘৰে বিলাই ফুৰিম।

ধৰ্ম্ম।—মোৰ অন্তৰৰপৰাও ভূত-বিশ্বাসৰ ভ্ৰম বা কু-প্ৰবৃত্তি আজিৰপৰা সম্পূৰ্ণ আঁতৰ হল। যাতে সেই ভ্ৰম-প্ৰমাদত আৰু নপৰোঁ, তাৰ নিমিত্তে আজিৰপৰা মন ডাঠি ফুৰিম।