পৃষ্ঠা:ভূত নে ভ্ৰম.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫৯
ভূত নে ভ্ৰম।

মুক্তি।—কিয়? কিয়নো গা-মনৰ অস্থিৰতা ঘটিছিল?

ধৰ্ম্ম।—কিয়, কিনো কম এতিয়া! কবলৈকে লাজ লাগে। মই মাজে- সময়ে কথা-প্ৰসঙ্গত কৈয়ে আহিছোঁ নহয়, বোলো, মনে মানিলেও প্ৰাণে নামানে। নাভাবে বুলিলেও, ভূত বিশ্বাসৰ ভাব আপুনি আহে; কিনো কৰিম এতিয়া।

ভূত।—পিচে? তাৰ পিচে?

ধৰ্ম্ম।—পিচে আৰু কি হব লাগে হল! মৰিশালিত থিয় দিয়া মাত্ৰকে- কি জানো কিয়,—মোৰ বুকুখন ধপ্‌ধপাবলৈ ধৰিলে; চকুৰ আগেদি ফিৰিঙ্গতি উফৰিবলৈ ধৰিলে। গা-মন অস্থিৰ হৈ পৰিল। প্ৰতিজ্ঞা ৰাখিবৰ উদ্দেশ্যে খৰকৈ মৰিশালিটোৰ ওপৰত উঠি খুঁটিটো পুতিলোঁগৈ; কিন্তু মোৰ চুৰিয়াৰ থোৰটো যে খুঁটিৰ তলত পৰি আছিল, মনৰ অস্থিৰতা হেতুকে তালৈ মই তং কৰিবলৈকে নহল। খুঁটি পুতি আঁতৰি আহিবলৈ ধৰোঁ যে, মোৰ চুৰিয়াত ধৰি কিহবাই মোক গাঁতৰ ভিতৰলৈ টানি নিব খোজে! মোৰ চুলিৰ আগে দি ধাতু যোৱা যেন লাগিল। মোৰ গাত তত্ নোহোৱা হল। সেই মুহূৰ্ত্ততে অন্তৰৰ ভূত-বিশ্বাস ডাঠ হৈ উঠিল। মই অস্থিৰ হৈ, “ভূতঔ ! ভূতে ধৰিলে বুলি চিয়ঁৰ- বাখৰ লগাবলৈ ধৰিলোঁ। চিয়ঁৰি চিয়ঁৰি কাৰো মাত নাপালোঁ। পিচে, ভূতৰ হাতৰপৰা আৰু মোৰ নিস্তাৰ নাই যেন ভাবি, অগত্যা চুৰিয়া-ফুটিয়া এৰি, মই ঘৰলৈ পলাই লৰ ধৰিলোঁ।

ফজল।—(সোণেশ্বৰৰ গাত হাত দি) ডিয়েৰ, গমি চোৱাঁচোন, মনত পৰিছে নে সেই দিন মৰনৈৰ কিনাৰত আমাৰ দশাও এনে নহৈছিল নে। মিষ্টাৰ ৰাজখোৱাৰেই যদি এনেটো ভ্ৰম ঘটিল, আমাক নো তেন্তে তেওঁ দুষিব কি বুলি?