পৃষ্ঠা:ভূত নে ভ্ৰম.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫৭
ভূত নে ভ্ৰম।

সোণ।—বেচ, ময়ো ধন্যবাদ দিছোঁ। (ধৰ্ম্মক হাতজোকাৰণি দিয়ে)।

মুক্তি।—ইয়াত আৰু পলম কৰাৰ সকাম নাই। যাওঁ, বলাহঁক, আচল ঠাইত উপস্থিত হৈ আলাপ-আলোচনা কৰোঁগৈ।

ভূত।—এৰা, যাওঁতে যাওঁতেও আমি কথা-বাৰ্তা পাতি যাব পাৰিমহঁক। যাওঁতে আমাৰ ভৰিয়ে হে কাম কৰিব, মুখৰ আজৰি থাকিব নহয়। কি বোলাহঁক?

ফজল।—কি বুলিম, হয় বুলিছে। বাঃ! মিষ্টাৰ বৰুৱাৰ কথাৰপৰা ৰস বৈয়েই থাকে; যেনিবা মৌ-চাক্‌ হে!

মুক্তি।—মৰিশালিলৈকে পোনাই যোৱা হওক, দুপৰীয়া খোৱাৰ পৰত উলটি ঘৰ পাবগৈ লাগে। বলাহঁক। (সকলোটিৰ প্ৰস্থান)

দ্বিতীয় পট।
(মৰনৈপাৰ—মৰিশালি)

(ভূতনাথ, মুক্তিনাথ, ধৰ্ম্মেশ্বৰ, ফজলুৰ আৰু সোণেশ্বৰৰ প্ৰৱেশ)

ফজল।—ক’তা ভাই, কেনি? হঁচাকৈয়ে মাৰিলা নে খুঁটিটো? কোনটো? চাওঁ, কবৰৰ ওপৰতে মাৰিলা নে?

ধৰ্ম।—(নিৰ্জ্জু ভাৱে) সৌটো নহয়, যাতে মাৰিছিলোঁ ত’তে আছে। চাই থাকাগৈহঁক।

সোণ।—সৌটো হয়। আহাঁচোঁ, আহাঁচোহঁক চাওঁগৈ, আমি চিন্‌ লগাই দিয়াটো খুঁটিয়েই হয় নে নহয়। চিন্‌ লগাটো নহলে গ্ৰাহ্য নহব কিন্তু; কাৰ খুঁটি, কোনে পুতিলে, কি ঠিক?