পৃষ্ঠা:ভূত নে ভ্ৰম.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫৮
ভূত নে ভ্ৰম।
(আটাই কেইওজন খুঁটিৰ ওচৰলৈ চাপি গৈ খুঁটিটো বেৰি ধৰি চায়)

মুক্তি।—অ, হয়। সেইটোৱেই। আমি চিন্ লগাই দিয়া খুঁটিটোৱেই। সৌটো নহয়, চিন্ ওলাই আছে।

ভূত।—নহব নো কিয়? সেইটো খুঁটিকে, মিঃ ৰাজখোৱাই নুপুতিলে নো আন ক’ৰ খুটি কোনে পুতিবহি?

ফজল।—হয়তে। তেওঁ নো ইমানটো কথাতে বেইমানি কৰিব নে? কথাত ৰব নোৱাৰিলে চৰম হব বুলি তেওঁ জানো নেজানে? (খুঁটিৰ তললৈ তং কৰি চাই। হেৰাহঁক, হৌধন কাৰ কি আকৌ, মন কৰিছাহঁক নে? এখন পাটৰ চুৰিয়াৰ থোৰতে দেখোন গোঁজটো!

সোণ।—ই,এ! হয়ে কি নহয়। সেইখনচোন মিষ্টাৰ ৰাজখোৱাৰ চুৰিয়া যেন দেখি।

ফজল।—(জুমি-জুমি চাই) নহয় নো কি! হঁচা, হিদিনা তেওঁ মিটিঙ্গলৈ পিন্ধি অহা চুৰিয়াখনেই।

মুক্তি।—হয় নে? চাওঁচোন (হাতলৈ একাঁচল তুলি লৈ চাবলৈ ধৰে)।

ভূত।—অতি আচৰিত কথা!

ধৰ্ম্ম।—আচৰিত হব লগীয়া কথা একো নহয়। সেইখন মোৰে চুৰিয়া সঁচা(লাজত তলমূৰ কৰি ৰয়)

ভূত।—কি। আচল কথাটো কি? ভাঙ্গি কোৱাঁচোন। মি: ৰাজখোৱাই দেখোন মনটি আমোলাই পেলাইছাঁ?

ধৰ্ম্ম।—আচল কথা কবলৈকে লাজ লাগে, মি: বৰুৱ! কালি কথাত বান্ধ খাই আহিলোঁ হয় খুঁটি পুতিবলৈ, আৰু পুতিলোও খুঁটি; কিন্তু গা-মনৰ অস্থিৰতাত নিজৰ চুৰিয়াৰ থোৰটো জপতিয়াই মাটিত লেট্‌খাই থাকোতে তৰ্কিব নোৱাৰি তাৰ ওপৰতে খুঁটিটো পুতিলোঁ! পুতি লৈ মহা বিপদত পৰিছিলোঁ!