পৃষ্ঠা:ভূত নে ভ্ৰম.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৫। অঙ্ক।
⸺•⸺
প্ৰথম পট।
(ধৰ্ম্মেশ্বৰৰ ঘৰৰ কাষৰ উলুৱনি চাপৰি)।

ভূতনাথ, মুক্তিনাথ, সোণেশ্বৰ আৰু ফজলুৰ।

ভূতনাথ।—“আমি এইখিনিতে ৰওঁ। মি: ফুকন যাওক, মি: ৰাজখোৱা উলিয়াই আনকগৈ।

মুক্তি।—বাৰু। (প্ৰস্থান)

ফজল।—কিয়, আটাইবিলাক যাওঁচোন। তেওঁৰ ঘৰত বহিবলৈ মুঢ়া-চকীৰ নাটনি নপৰে।

ভুত।—নহয়, তুমি বুজা নাই। অটাইবিলাকক দেখিলে ৰাজখোৱাৰ আইতাকে ভিতৰত কেপ্‌কেপাই উঠিব; ঘাইকৈ মোক দেখিলে।

সোণেশ্বৰ।—কিয়?

ভুত।—মই হেনো তেওঁৰ লৰাটো দেউ-ভূত নমনা কৰি খ্ৰীষ্টান কৰিব খুজিছোঁ।

(ধৰ্ম্মেশ্বৰৰে সৈতে মুক্তিনাথৰ পুনঃ প্ৰৱেশ)

ফজল।—কি ভাই, কি খবৰ?

ধৰ্ম্ম।—খবৰ ভালেই।

সোণ।—পিচে, মৰিশালিত খুঁটি পোতা হল জানো?

ধৰ্ম্ম।—(গহীনাই) ওঁ-ওঁ-ওঁ। দেখিলেই লেখিবা নহয়।

ভুত।—বেচ কথা। বৰ সন্তোষ লগা কথা। Thanks (ধৰ্ম্মেশ্বৰৰ হাতত ধৰি শলাগৰ হাত জোকাৰণি দিয়ে)।