পৃষ্ঠা:ভাষণ.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৫৯]

 অনুমান কৰা যায় যে নানা বিধ বসন্তোৎসৱ, গো-পূজা শক্ৰধ্বজ উত্থান আদি পৌৰানিক ক্ৰিয়া এই সকলো বিলাক মিলি মাঘ মাহৰ পৰা আৰম্ভ কৰি বহাগ মাহলৈকে হোৱা উৎসৱ বোৰেই বিহু। এইবোৰৰ আতিগুৰি বিচাৰিলে মানৱ সভ্যতাৰ এক আদি যুগৰ কৃষ্টিত উপস্থিত হোৱা যায়।

 

(৪)

 অসমৰ প্ৰগতীবাদী সাহিত্যিক সকলে এই প্ৰকাৰ আমাৰ দেশৰ নানান পূজা, ব্ৰত, আচাৰ, অনুষ্ঠানৰ মূল বিচাৰি এই বিলাক ভালদৰে বুজাত আমাক সহায় কৰিব পাৰে।

(“জয়ন্তী” ৬ষ্ঠ বছৰ ৫ম সংখ্যা।)

 

——× ——