পৃষ্ঠা:ভাষণ.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

বিহু-উৎসৱ

(১)

 “বিষুব”ৰ পৰা বিহু হোৱা আদি কথা বহুদিনৰ পৰা ভালেমান লেখকে লেখিলে। সকলোৱে মুখে মুখে কোৱা-কুৱিও কৰে। আৰু বিহুৰ উৎসৱৰ বিশেষ বিৱৰণ আৰু অসমীয়াৰ বিহুৰ বৈশিষ্ট্য, তাৰ উপযোগীতা— ইত্যাদি বিষয়ক কথাও সকলোৱে জানে। এতেকে বিহুৰ বিষয় নতুন কিবা কথা লেখা অলপ।

 “বিহু” বসন্তোৎসৱৰ এটা প্ৰকাৰ ভেদ। বিশেষ কৰি বহাগৰ বিহুত এই কথা খাটে। বসন্তোৎসৱ পৃথিবীৰ সকলো দেশতে আগৰ দিনত হৈছিল; আৰু এতিয়াও এটা নে এটা প্ৰকাৰে হয়। ইউৰোপৰ— বিশেষ কৰি স্কান্দিনেভিয়া দেশ সমূহৰ মে-পোল নাচ (May Pole Dance) এই জাতীয় উৎসৱ। ভাৰতৰ সকলো ঠাইত, দক্ষিণ ভাৰততো এনে উৎসৱ হয়। তথা-কথিত অসভ্য জাতিবোৰৰ মাজতো এনে উৎসৱৰ আভাস পোৱা যায়। মুঠতে কৃষি প্ৰধান সভ্যতাৰ যুগত সকলো দেশত খেতি উঠাত পিঠা খোৱা এটা উৎসৱ হোৱা দেখা যায়। আমাৰ বিহু উৎসৱ আৰম্ভ হয়— মাঘৰ দোমাহীৰ লগত। ইয়াক বঙালীয়ে পৌষ পাৰ্বন বোলে। ইংৰাজী ভাষাত বোলে Harvest Home অৰ্থাৎ খেতি উঠাৰ উৎসৱ। এই উৎসৱৰ প্ৰধান উপদান নানান