পৃষ্ঠা:ভাষণ.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৫৮]

 ইও আচলতে প্ৰকৃতিৰ নতুন জীৱন দেখা দিয়াৰ ৰূপক। ঈষ্টাৰৰ সময়তে খৃষ্টৰ পূৰ্ণ দৰ্শন (Resurrection) হৈছিল। ঈষ্টাৰৰ দিনা সুপ্ত জীৱনৰ পুনৰাবিৰ্ভাবৰ এটা দ্যোতক। এই দৰে দেখা যায় যে বিহু উৎসৱ প্ৰকৃততে গোটেই মানৱ জাতিৰ কৃষি সভ্যতাৰ এটা উৎসৱৰ প্ৰতীক। নানান দেশত আৰু বহুযুগত এই উৎসৱেই ভিন ভিন আকাৰ ধাৰণ কৰিছে।

 

(৩)

 ইয়াত ভঠেলিৰ বিষয়ে এক আখাৰ কথা কওঁ। কালিকা পুৰাণ, দেৱী পুৰাণ, মহাভাৰত আদিত শক্ৰধ্বজ বা ইন্দ্ৰধ্বজ উত্থান নামেৰে এটা অনুষ্ঠানৰ উল্লেখ দেখা যায়। ইয়াৰ উদ্দেশ্য, ৰাজাৰ ৰাজ্য বিজয় আৰু পৃথিবীৰ শষ্য বৃদ্ধি আৰু সমৃদ্ধি হব লাগে। আৰু ইয়াৰ প্ৰধান অঙ্গ বাহ বা কাঠৰ এটা ধ্বজ উত্তোলন। এই ধ্বজৰ লগতে কন্যকা আৰু মাতৃকা নামেৰে সৰু সৰু আৰু কেইটিমান ধ্বজ থাকে। এই ধ্বজ বিলাকক নানা প্ৰকাৰ ৰং বিৰঙৰ কাপোৰ পতাকা আদিৰ দ্বাৰা কাচিব লাগে। ভঠেলিত যি ‘পাৰ’ তোলা হয় সি সকলো প্ৰকাৰে এই ধ্বজৰ অনুৰূপ। কি কাঠৰ ধ্বজ তুলিব লাগে আৰু সি কিমান ওখ হব লাগে— ইত্যাদি কথা পুৰাণত বিশেষ কৰি উল্লেখ আছে।

 এটা কথাত মুঠতে গৰমিল দেখা যায় যে শত্ৰুধ্বজ উত্থান উৎসৱ ভাদ মাহত হৈছিল। ভঠেলি হয় বহাগ মাহত।