পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


দশম আধ্যা

উন্মাদিনী


ডেৰবছৰমানৰ মূৰত মই ধৰা পৰিলোঁ। মই ধৰা পৰাত বৰকৈ লগা নাই। ধৰি নো মোক কি কৰিব। কিন্তু, মোৰ যে ফাঁকটি ধৰা পৰিল! বেজ জ্ঞানীৰ জৰা-ফুকা, দৰব-জাতিয়ে মোৰ চেতনা আনিলে। মই সাৰ পাই উঠি দেখো যে, মোৰ গাত আকৌ তিৰোতাৰ সাজ-পাৰ! মই বুঢ়ীৰ আগত মুখ দেখুৱাবলৈ মৰাৰ সমান টান পোৱা হলোঁ। তাতোকৈ আজলীৰ আগত মুখ উলিয়াবলৈ টান হ'ল। লাজে-সন্তাপে মোক অস্থিৰ কৰি পেলালে। ইয়াতকৈ মোৰ মৰণ হেজাৰ গুণে ভাল যেন ভাবিলোঁ। একেই দংশনৰ বিকাৰ। তাতে এনে বিষম মনস্তাপে মোক তত্‌ নাইকিয়া যেন কৰিলে। মই উন্মাদিনী হলোঁ।

এনে অৱস্থাত মোৰ কিমান দিন গৈছে কব নোৱাৰোঁ। এদিন জনচাৰেক মানুহে সৈতে আহি মাজিউ নিচাওদেউ উপস্থিত। সিবিলাকৰ মাজত চাকুলী বুঢ়ীকো দেখা যেন লাগিল। নিচাওদেউক দেখা মাত্ৰকে মোক লাগে-ভয়ে-বেজাৰে জুমুৰি দি ধৰিলে। চিল্‌মিল্‌কৈ যি এফেৰা জ্ঞান পাইছিলোঁ, সিও হেৰাল। মই চকুৰ আগত কি দেখোঁ কব নোৱাৰোঁ। কেৱল হঁহা-কন্দা। কেতিয়াবা আনন্দত উতলি উঠোঁ। অকলৈ অকলৈ হাঁহি পেটুনাড়ী ছিঙ্গো। কেতিয়াবা বিষাদত ক'ল পৰো, কান্দোনত খলক লগাওঁ। আৰু, কথা কোৱাৰ অন্ত নাই। বলকনিত কি ওলায় কব নোৱাৰোঁ। বুজাই তাৰেপৰা সবিশেষ বুজি উঠে। আনে যিমান বুজে, চাকুলী বুঢ়ীয়ে তাতকৈ বেচি বুজে।