সমললৈ যাওক

ভানুমতী/একাদশ আধ্যা

ৱিকিউৎসৰ পৰা
[ ৪৯ ]

একাদশ আধ্যা

বিষাদিনী

এই সংসাৰত তিতাৰে হে মানুহৰ মুখ ভৰিছে৷ মিঠাৰ চেলেক এটা মাথোঁন৷ কিন্তু, সেয়ে এনে সোৱাদ যে, তাক জীৱন্তে পাহৰিব নোৱাৰি৷ সংসাৰত তিতাৰ ভাগ বেচি কাৰণেই, মিঠাৰ অনুভৱ অতি আপুৰুগীয়া৷ এতেকে দৰাচলতে যাৰ দুখ-বেজাৰ বেচি, তাক হে বেচি সুভগীয়া বুলিব লগীয়া৷

সি যি হওক, এই দুখুনীৰ দুখৰ ওৰ নপৰিল৷ ইয়াৰ আগেয়ে হোৱা উন্মাদিনী অৱস্থাই সুখ-দুখ আৰু সম্পদ-আপদ চপাই আনি মোক এতিয়া বিষাদিনী কৰিলে৷ সেই উন্মাদিনীৰ দশাতে মই আকৌ এবাৰ মোৰ প্ৰাণেশ্বৰ গোহাঞিদেসৰ চৰণ পৰশন কৰিবলৈ পালোঁ৷ হৈ যোৱা দুৰ্ঘটনা আৰু দুখৰ কাহিনী তেওঁৰ আগত নিজমুখে নিবেদিবলৈ পালোঁ৷ কিন্তু, সেই অৱস্থাই মোৰ আকৌ কাল হ’ল৷ এই উন্মাদিনী অৱস্থাত গোহাঞিদেৱৰ সম্বন্ধে যি যি কৈছিলোঁ, সেই আটাইবোৰ তিলে তাল হৈ ৰজাৰ কাণত পৰিলগৈ৷ তাতোকৈ, গোহাঞিদেৱৰ শুশ্ৰুষাই যে মোক সেই অৱস্থাত সবাতকৈ বেচি গুণ দিলে, এই কথাই ৰজাৰ ঈৰ্ষা-জুইত যেন ঘিঁউহে ঢালি দিলে৷ তাতে, এতিয়া আৰু আমাৰ বুঢ়া ৰজা নাই৷ এতিয়া মোৰ আজন্ম শত্ৰু তিৰোতা-সেৰুৱা ৰজাৰ ৰাণী ৰাজ্যৰ গৰাকিণী৷ সেই ভাবী সতিনীয়ে কৰোঁ বুলিলে মোৰ অনিষ্টৰ পাৰ নোহোৱা কৰিব পাৰে৷ গতিকে, মোৰ নিৰ্দোষী দেউতা আৰু গোহাঞিদেৱৰ ওপৰত ৰাজঅত্যাচাৰ দিনক-দিনে বাঢ়িবলৈ ধৰিলে৷ দেউতাক [ ৫০ ] এনাজগৰত ঘনাই বেজাৰ-অপমান দিবলৈ কুঁৱৰীয়ে ছেগ বিচৰা হ’ল৷ আৰু, চল চাই, আগৰ বিহ-বিয়াৰ কথা আকৌ তুলিবলৈকো ৰজাই বাকী নেৰিলে৷ কিন্তু, এইবাৰ দেউতাৰ তেনে কথাত সমূলি মত নাই বুলি বুজিব পাৰি, পাচলৈ তেওঁক সেই বিষয়ে ৰজাই একো নোকোৱা হ’ল৷ তা ৰপাচত, দুৰ্ব্বল-চিতীয়া তিৰোতা-সেৰুৱা ৰজাই গোহাঞিদেৱৰ ওপৰত চকু দিলে৷ তেওঁৰ ওপৰত ৰজাই নিজেই অভিযোগ আনিলে৷ গোহাঞিদেৱৰ মন্ত্ৰণা মতেই মই পলাই যাওঁ আৰু সেই বাবেই ৰজাৰ মোৰ লগত পাতিব খোজা বিয়াও ভঙা গ’ল, এই কথা তৰি, তেওঁ গোহাঞিদেৱক অপৰাধী কৰি বিচাৰ-চ’ৰাত থিৰ কৰালে৷ ডাঙৰীয়া-বিষয়াসকলৰ ভিতৰত দেউতাক গোচৰৰ সম্পৰ্কীয় লোক বুলি বাদ দিয়েই ললে৷ তাৰ পাচত, আনবিলাক ডাঙৰীয়া-বিষয়াও সকলোটি উপস্থিত হবলৈ নৌ পাওঁতেই গোহাঞিদেৱক বন্দীশাললৈ নিবলৈ কুঁৱৰী-টোলৰপৰা আজ্ঞা আহিল৷ সেই অন্যায়-অবিচাৰৰ আজ্ঞা শুনি সভাসদ সকলোৱে মূৰে-কপালে হাত দি দুখ প্ৰকাশ কৰিবলৈ ধৰিলে৷ চাৰিওফালে এই কথা বিয়পি পৰিল৷ মই শুনা মাত্ৰকে বিবুদ্ধি হলোঁ৷ মই আকৌ উন্মাদিনী হৈ বিচাৰ-চ’ৰালৈ লৰ ধৰিলোঁ৷ কিন্তু, মই গৈ চ’ৰাত যাক বিচাৰিলোঁ, তেওঁক আৰু দেখা নাপালোঁ৷

এইবাৰ মই বিষাদিনী৷ মোৰ মনস্তাপ চতুৰ্গুণে বাঢ়িবলৈ ধৰিলে৷ মোৰ পৰাই গোহাঞিদেৱৰ ইমান দুখ-দুৰ্গতি৷ মোৰ নিমিত্তেই তেওঁৰ আজি এনে আপদ! যি গোহাঞিদেৱৰ মঙ্গলৰ অৰ্থে দেশ গোটেইখনে কামনা কৰে, যাৰ সুখ-সন্তোষ মান-গৌৰৱ বঢ়াবলৈ বুঢ়াজনা স্বৰ্গদেৱৰ যত্নৰ ত্ৰুটি নহৈছিল, যি আজিত বাজে কাইলৈ ঘাইমন্ত্ৰীৰ বাব পালেহেঁতেন, আজি সেই গোহাঞিদেৱ বিনা অপৰাধত বন্দীশালত! এইবিলাক সকলো এই অভাগিনীৰপৰাই ঘটিছে৷ এই কথা, অকল ময়েই নহয়, ওচৰ-চুবুৰীয়াই নহয়, গোটেই ৰাজ্যৰ [ ৫১ ] মানুহে জানিছে৷ ময়ে মোৰ গোহাঞিদেৱৰ বিপদৰ কাৰণ হলোঁ৷ যাৰ নিমিত্তে মোৰ জীৱনত দুখ-বেজাৰৰ সীমা নাথাকিল, সেই ময়ে তেওঁৰ কাল হলোঁ! মৰোঁগৈ বুলিয়েই ৰাতি অকলৈ ওলাই গৈয়ো মৰিব নাজানিলোঁ! আন্ধাৰ ৰাতি ঢেৰেকনি-ধুমুহায়ো এই জীৱন অন্ত কৰিব নোৱাৰিলে৷ আন কি সৰ্পৰ বিষম দংশনতো এই লেলেতীয়া প্ৰাণ নাশ নহল৷ নহয়, এই জীৱনৰ আৰু কোনো মতে অন্ত নহয়৷ ইয়াৰ আৰু কিমান লেলাত ভুঞ্জিবলৈ বাকী ৰৈছে, বুজিব পৰা নাই৷ এই ভগা হিয়াত দুখৰ আৰু কিমান খুন্দা সহিবলৈ আছে কব নোৱাৰি৷ হাঁয়, বাউলী উন্মাদিনী অৱস্থাতে কেইদিনমানলৈ সুভাগিনী হৈছিলোঁ৷ সেই অৱস্থাতে দুখ-বেজাৰৰ অলপ পাৰ পাইছিলোঁ৷ এই জীৱনৰ শেহছোৱা সেই দৰেই যোৱা হলেও ভাগ্য বুলি ভাবিছিলোঁ৷ ঈশ্বৰে মোৰ তাৰপৰাও বঞ্চিত কৰিলে; মোক সুস্থিৰ কৰি এতিয়া বিষাদিনী কৰিলে; উন্মাদিনী আৰু বিষাদিনীৰ সুখ-দুখৰ হীন-ডেঢ়ি মোক ইমান ঘনাই অনুভৱ কৰালে৷ অকল এটা জীৱনতে বিধাতাই অত যন্ত্ৰণাৰ লেখ কিয় লিখিলে! ধৰিবলৈ গ’লে, উন্মাদিনী অৱস্থাতকৈ এতিয়া বিষাদিনীৰ অৱস্থাই মোক মনস্তাপৰ অথাই পানীলৈ উটাই নিবলৈ ধৰিছে৷ আগেয়ে মোৰ বিপদ খণ্ডনৰ নিমিত্তে ভাবোঁতা আছিল, এতিয়া বিপদ খণ্ডাবলৈ মই ভাবিব লগাত পৰিলোঁ৷

অন্তৰত মোক একুৰা জুয়েই পুৰি-ডেই মাৰিব লাগিছে, তাৰ উপৰি দুৰ্ম্মতি ৰজাৰ নিঠুৰ ব্যৱহাৰ! ৰাই তেওঁৰ দুৰ্ব্বল মনৰ দৰেই আটাইকে ভাবিছে৷ তেওঁৰ মনেৰে আনৰ পৱিত্ৰ মন কলুষিত কৰিবলৈকো ৰাজক্ষমতাই আজ্ঞা দিব পাৰে! মোৰ প্ৰাণেশ্বৰ গোহাঞিদেৱক বন্দী কৰি থৈ তেওঁ মোৰ প্ৰাণৰ অধীশ্বৰ হবলৈ হাত মেলে! তেওঁ নাজানে মোৰ প্ৰাণৰ ওচৰত মোৰ কিমান অধিকাৰ৷ তেওঁৰ বুজিবৰ শক্তি নাই যে, সেই প্ৰাণ মই কাৰ নিমিত্তে ইমান যতনেৰে দেহাত ধৰি আছোঁ৷ তেওঁৰ বুজিবলৈ এতিয়াও বাকী যে, গোটেই পৃথিৱীৰ ক্ষমতা এফলীয়া হৈ লগিলেও মোৰ প্ৰেমদুৰ্গ ৰক্ষণত [ ৫২ ] মোক ঘটাব নোৱাৰিব৷ কিন্তু, যাৰ নিমিত্তে সি ৰক্ষিত, তেওঁ ওচৰ ছপা মাত্ৰকে তাৰ দুৱাৰ আপুনি মুকলি হয়! তেনে দুৰ্গৰ অধিকাৰীক নিলগাই আটক কৰি থৈ, তিৰোতাসেৰুৱা পাপমতি ৰজাই মোৰ পৱিত্ৰ বস্তুলৈ হাত পাতে! তেওঁ দেউতাৰ আগত এনে কথা আকৌ তুলিবলৈ অকণো সঙ্কোচ নকৰিলে! মোৰ প্ৰাণেশ্বৰ গোহাঞিদেৱৰ প্ৰতি দেখাদেখিকৈ অবিচাৰ কৰি, ৰাজ্যৰ ধৰণীস্বৰূপ ঘাই বিষয়া মোৰ দেউতাৰ আগত ৰজাই কোন সতে সেই বিহ-বিয়াৰ কথা আকৌ তোলে! হাঁয়, এই পৃথিৱীত মানুহে কৰিব নোৱাৰা কাম নাই৷ অতি জঘন্য, অতি নীচ কামতো অতি উচ্চ আসনৰপৰা নামি আহি লিপ্ত হব পৰা মানুহৰে ভাৰ ধৰণীয়ে ধৰিব পাৰিছে! দুৰ্ব্বলমতি ৰজাই যি ভাবক, যি কৰক, এইবাৰ দেউতা সাগৰৰ দৰে গহীন, পৰ্ব্বতৰ দৰে অটল৷ দেউতাই ৰজাৰ চুপতিৰ নিচিনা কথালৈ কাণ নিদিয়ৈ৷ ৰজাই বলিয়াৰ দৰে আকৌ মোক বিয়া কৰোৱাৰ কথা তুলিলে দেউতাই তেওঁৰ প্ৰতি অৱজ্ঞা প্ৰকাশ কৰা হ’ল৷ এই কথাত পাপ-মাতি ৰজা চতুৰ্গুণে জ্বলি উঠিল! ইয়াৰ প্ৰতিশোধ লবৰ নিমিত্তে তেওঁ দেখা-দেখিকৈ দেউতাৰ বিপক্ষে যাবলৈ ধৰিলে৷ আৰু সিফালে বন্দীশালত গোহাঞিদেৱক নানা অসহনীয় অত্যাচাৰ কৰিবলৈ ৰজা মতলীয়া হৈ উঠিল৷