পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৪৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


৪৮

বাবে নিজকে অলপ ভাগ্যৱতী যেন ভাবিবলৈ ধৰিলোঁ। আৰু মোৰ উন্মাদিনী অৱস্থাই যে ইমান দিনৰ মূৰত গোহাঞিদেৱৰ প্ৰতি মোৰ স্বামী-ভক্তি প্ৰকাশ কৰিবলৈ মোক সুছেগ দিছে, ইও এটা মোৰ সুখৰ কাৰণ হ'ল। কিন্তু, পাচলৈ যিমানেই সুস্থিৰ হৈ আহিলোঁ, সিমানেই গোহাঞিদেৱৰ সৈতে দেখা-দেখিকৈ কথাবাৰ্ত্তা হবলৈ লাজ লগা হৈ আহিল! আৰু, তেৱোঁ মোক দেখা দিয়াটো ক্ৰমাৎ পাতলাই নিলে, সদৌশেষত, আকৌ দুইকো দুৱে লুকাই-চুৰকৈ দেখা দিয়াত পৰিলোঁ। আকৌ চিঠি-পত্ৰেৰে মনৰ কথা জনোৱা-জনিত পৰিল।

দেউতাক শুশ্ৰূষা কৰাত আগতকৈ মোৰ যত্ন বেছি হ'ল। বুঢ়া কালত মোৰ দেউতাই মোৰপৰা ইমান সন্তাপ পালে, সেই বাবে দেউতাৰ সুখ-শান্তি বঢ়াবলৈ মই পাৰোঁমানে মন পাৰি লাগিলোঁ। দেউতাই যাতে হৈ যোৱা দুৰ্ঘটনা পাহৰি, আকৌ সন্তোষত দিন নিয়াব পাৰে, তালৈ মই সততে সতৰ্ক হবলৈ ধৰিলোঁ। আৰু, দেউতায়ো মোৰ মন ভাল লগা কাম কৰিবলৈ হে বিচৰা হ'ল। মোৰ অনিচ্ছাৰ কাম যাতে ভুলতো কৰা নহয়, তাৰ নিমিত্তে তেওঁ সাৱধানে চলা মই বুজিব পাৰিলোঁ। এনে সন্তোষৰ সময়ত, মোৰ বিপদৰ বান্ধৱী ভদৰী বুঢ়ীলৈ মোৰ মনত পৰিল। মোৰ কাল্পনিক পাত্ৰী অতি চেনেহৰ আজলীৰ কথালৈ মোৰ স্মৰণ হ'ল। মই এদিন ছেগ বুজি, সিহঁতে মোক উপকৰ কৰাৰ কথা দেউতাক জনালোঁ। আৰু, মোৰ খাটনি মতেই দেউতাই বুঢ়ীক জীয়েকৰ সৈতে সিহঁতৰ গাঁৱৰপৰা তুলি আনি আমাৰ টোলৰ ভিতৰতে ঘৰ-দুৱাৰ সজাই দি থাকিবলৈ ঠাই দিলে। মোৰ জঁয় পৰা জীৱন-গছজুপি পুনৰপি ঠন্‌ ধৰি উঠিল।