পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিলাক আঁতৰিব লাগে৷ বেজবৰুৱাৰ ব্যৱস্থা মতে কাম হ’ল৷ বাজে মানুহবিলাক বাহিৰ-ঘৰলৈ আঁতৰি গ’ল; আৰু মই বৰকৈ বিচাৰিবৰ দেখি গোহাঞিদেৱক ওচৰ চাপিবলৈ দিলে৷ মই গোহাঞিদেৱক নিলগত দেখা মাত্ৰকে তেওঁৰ ভৰিত গবা মাৰি ধৰিলোঁগৈ৷ আৰু, তেওঁৰ দুটি ভৰিত পৰি সেৱা কৰিবলৈ ধৰিলোঁ৷ বেজবৰুৱা প্ৰমুখ্যে সকলো নিটাল মাৰিলে৷ এনে অৱস্থাত স্থিৰ থাকিব নোৱাৰি, গোহাঞিদেৱেও হুক্‌ হুক্‌কৈ কান্দিবলৈ ধৰিলে৷ দেউতাক দেখি যেনে এফেৰি সজ্ঞান হৈছিলো, গোহাঞিদেৱক দেখি তাতকৈও বেচি সুস্থিৰ বোধ কৰিছিলোঁ৷ সেই কাৰণে, গোহাঞিদেৱক কান্দিবৰ দেখি মই অলপ নিটাল মাৰিলোঁ৷ আৰু, তেওঁ যেতিয়া চকুৰ পানী টুকি মোক কাতৰভাৱে সুধিলে, “কি হৈছে তোমাৰ ভানু!" তেতিয়া মই য়েন কিবা উত্তৰ দিবলৈ অলপ ভাবিছোঁ, এনে বুজা গ’ল৷ এইবোৰ কথা বেজবৰুৱাই মনপাৰি লক্ষ্য কৰি আছিল৷ আৰু, শেহত তেওঁ ইয়াকে ব্যৱস্থা দি গ’ল, “সম্প্ৰতি ঔষধৰ কাম নহয়, যাক দেখিলে ৰোগী অলপ শান্ত হয়, সেইবিলাকে ওচৰত থাকি শুশ্ৰূষা কৰিব লাগে৷ মই থকালৈকে যি দেখিলো, সেই মতে চাকুলী বুঢ়ী, ডাঙৰীয়া আৰু চাৰু গোহাঞিদেৱ পালপালকৈ পৰীয়া থকা উচিত৷"

বেজবৰুৱাৰ ব্যৱস্থামতে কাৰ্য্য হবলৈ ধৰিলে৷ আৰু, মই ক্ৰমাৎ সুস্থিৰ হৈ আহিলোঁ৷ যিমান সুস্থিৰ হবলৈ ধৰিলোঁ, সিমান আকৌ আগৰ ঘটনাবোৰ মনত স্বৰূপভাৱে পৰিবলৈ ধৰিলে৷ মই ঘৰ এৰি যোৱাৰ পাচত যে মোৰ মৰমৰ দেউতা আৰু গোহাঞিদেৱৰ কোনো বিঘিনি ঘটা নাই, এই কথাই মোৰ মনত শান্তি দিবলৈ ধৰিলে৷ আৰু, যোৱা বিপদৰপৰা উদ্ধাৰ পাই যে সিবিলাকক মই আকৌ পালোহি, এই কথাত মোৰ সন্তোষ লাগি আহিল৷ বিশেষ, মই পলোৱাৰ বাবে যে গোহাঞিদেৱৰ গাত একো ঘাটি নালাগিল, সেই