পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৪৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


মই ক’ত কব নোৱাৰোঁ৷ জিলিমিলি কল্পনাৰ দৰে দেখা পাওঁ, যেন আমাৰ আগৰ ঘৰ-দুৱাৰ৷ আৰু আটাইবিলাক মোৰ চিনাকি মানুহ যেন লাগি যায়৷ কিন্তু দেখিছোঁ বুলি, সঁচাকৈ দেখিছোঁ যেন ভাব হোৱা নাই৷ কিয়নো এই অৱস্থাত বুঢ়ীৰ ঘৰতো এইবিলাক মানুহকে দেখা যেন মনত পৰে৷ ওচৰত যিবিলাক আছিল, তাৰ ভিতৰত কেৱল চাকুলী বাইক হে ধুৰুপকৈ চিনিছিলোঁ৷ মই চাকুলীৰ হাতত যি খামোচ মাৰি ধৰিলোঁ তাক মুকলি কৰা নাই৷ বপুৰীয়ে বাহিৰলৈকো এৰাই যাব নোৱাৰাত পৰিল৷ ঘৰত আৰু চুবুৰীত হুলস্থূল৷ মানুহৰে ঘৰ নধৰা হৈছে৷ কি হৈছে মই ক’ব নোৱাৰোঁ৷ মানুহ আহেমানে মোৰ উলাহ লাগে৷ মাজে মাজে “বিয়া বিয়া, আজলীৰ বিয়া“ এই বুলি চিঁয়ৰি উঠোঁ৷ আচল অৰ্থ কি কোনোৱে নুবুজে৷ কিছুমানে বুজে যে, মোৰ অনিচ্ছাত মোৰ বিয়া পাতিবলৈ ধৰিছিল কাৰণে, সেই ভাবেই এতিয়া ভেজিছেহি৷ যেয়ে শুনে সেয়ে হাঁয় হাঁয় কৰি আঁতৰ হয়৷ এনে অৱস্থাতে চকু-লো টুকি টুকি দেউতাক মোৰ ওচৰলৈ অহা দেখা পালোঁ৷ মই একেঁচাবে গৈ দেউতাৰ ডিঙ্গিত ধৰি উলমি পৰিলোঁ৷ সেই ফেৰি মাত্ৰ মোৰ ধুৰুপ জ্ঞান আছিল৷ দেউতাক দেখা মাত্ৰকে চিনিলোঁ, সেয়ে মোৰ চেনেহৰ ভঁৰাল দেউতা বুলি মই তেতিয়াও চিনিলোঁ৷ কিন্তু মোৰ অৱস্থা দেখি দেউতা অস্থিৰ হৈ পৰিল৷ সামান্য মানুহে কন্দাৰ নিচিনাকৈ তেওঁ চিঁয়ৰি চিঁয়ৰি কান্দিবলৈ ধৰিলে৷ আৰু, মানুহে ধৰি-মেলি তেওঁক মোৰ হাতৰপৰা এৰুৱাই বাহিৰলৈ লৈ গ’ল৷ তাৰ পাচত, আকৌ কিমান হাঁহিছোঁ কিমান কান্দিছোঁ, কিমান বলকিছোঁ তাৰ সীমা নাই৷ এইবাৰ ঘনে ঘনে ’গোহাঞিদেৱ, গোহাঞিদেৱ’ বুলি চিঁয়ৰিবলৈ ধৰিলোঁ৷ বেজবৰুৱাই ব্যৱস্থা দিলে যে, এই অৱস্থাত যাক যেতিয়া বিচাৰে, তেওঁ তেতিয়া ৰোগীৰ ওচৰ চপাটো ভাল৷ আৰু, যাক যাক ভাল পাই বিচাৰে, সেইবিলাক হে ওচৰত থাকিব, আন-