ভানুমতী/তৃতীয় আধ্যা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
ভানুমতী
লেখক পদ্মনাথ গোহাঞিবৰুৱা
[ ১০ ]

তৃতীয় আধ্যা

কুঁহিত পোক

মোৰ মনত পৰা খিনিত দেউতাক ৰজাঘৰলৈ অসময়ত যোৱা দেখা নাই। আৰু, ডাঙৰীয়া-বিষয়াসকল সেইদৰে ৰজাঘৰলৈ যোৱাৰ বিধিও নাই। সিদিনা সন্ধিয়াপৰত স্বৰ্গদেৱে দেউতাক কিয় মতাই নিছিল আৰু দেউতাৰে সৈতে গুপুতে কি আলচ পাতিলে তাৰ একো সম্ভেদ নাপালোঁ। সেই সম্ভেদ লবলৈ কিমান যে যত্ন কৰিলোঁ, সকলো মিছা হ'ল। এদিন বুঢ়াগোহাঞি ডাঙৰীয়াৰে সৈতে কথা-বাৰ্ত্তা হওঁতে দেউতাই হঠাৎ ৰজাঘৰলৈ যোৱা কথাটো ওলাইছিল। পিচে, দেউতাই ঠাইতে পাক লগাই কথাৰ ধাৰ অইন পাকে বোৱাই নিলে। ডাঙৰীয়াই টলকিব নোৱাৰিলে; কিন্তু মই কথাটোলৈ বেচকৈ মন কৰি আছিলোঁ।

দেউতা ৰজাঘৰলৈ যোৱাৰ পিচদিনাৰেপৰা মই গোহাঞিদেৱৰ আগত নোলাবলৈ আদেশ পৰিল। ডাঙৰ হবৰেপৰা ভাল মানুহৰ আগত ওলাবলৈ মোৰ স্বভাৱতে লাজ লগা হৈ আহিছিল। গোহাঞিদেৱে সৰুৰেপৰা দেখা কাৰণেহে তেওঁৰ আগত ওলাওঁ-নোলাওঁকৈ ওলাইছিলোঁ। এতিয়া চাকুলী বাইৰ মুখে দেউতাৰ সেই হাক-বচন শুনিবৰ পৰা গোহাঞিদেৱৰ নাম লবলৈকো মোৰ লাজ লগা হ'ল। দেউতাৰ হাক-বচনত মোৰ বেজাৰ পাবৰ কাৰণ নাই, কিয়নো সেইটো সকলো ভাল মানুহৰ ঘৰৰ দস্তুৰ। কিন্তু সেই অসময়ত ৰজাঘৰলৈ যোৱাৰ পিচদিনাই এই হাক-বচন কিয় শুনিবলগীয়া হ'ল ? সেইটো মোৰ দুপতীয়া আশা-লতাৰ কুঁহিত বিঘিনি-পোক লাগিলহি নেকি?

সেই ৰজাঘৰলৈ যোৱা দিনৰে পৰা এপষ পাৰ হ'ল। এই পষটো আনলৈ শুক্ল; মোলৈ কৃষ্ণ। ইয়াৰ ভিতৰত গোহাঞিদেৱে মোৰ ছাঁটোও দেখিবলৈ পোৱা নাই। আৰু মই কাৰো আগত তেওঁৰ নাম [ ১১ ] পৰ্যন্ত লোৱা নাই। গোহাঞিদেৱে মোক দেখা নাই, কিন্তু মই তেওঁক সদায় দেখোঁ। কিয়নো, তেওঁক চাবলৈ মোৰ বহুত সুবিধা আছে। মই বেৰ-জলঙাইদি জুমি চাব পাৰোঁ, চকোৱাৰ আঁৰত লুকাই চাব পাৰোঁ। গতিকে, সেই পষত গোহাঞিদেৱ মোতকৈও দুৰ্ভগীয়া, সেই পষটো গোহাঞিদেৱলৈ অমাবস্যা ৰাতি।

এইভাৱে আৰু এপষ গ'ল। গোহাঞিদেৱৰ অন্তৰৰ বিষাদ ভাব মুখত বিৰিঙ্গি ওলাবলৈ ধৰিলে। আনে কিমান মন কৰে কব নোৱাৰোঁ, মই সদায় তেওঁৰ মনটি মৰা যেন দেখোঁ। খোৱা-লোৱাতো তৃপ্তি নোপোৱা যেন দেখোঁ। দেখি দেখি দিনে দিনে মোৰ মন-প্ৰাণ হত হবলৈ ধৰিলে। খোৱা-লোৱাত মোৰ তৃপ্তি নলগা হ'ল। আগতকৈও মোৰ মন বেজাৰ-অশান্তিত বেছি দকৈ বুৰিবলৈ ধৰিলে ! নিলগত থাকোতে গোহাঞিদেৱৰ সুখ-শান্তিৰ নিমিত্তে যিবোৰ কথা আলচিছিলোঁ সি মনতে মাৰ যাবলগীয়া হ'ল। আকাশৰ ফুল আকাশতে মৰহি যোৱা যেন লাগিল। আৰু, ময়েই তেওঁৰ নতুন বিষাদ কাৰণ হলো, এই কথাই মোৰ অন্তৰ দহিবলৈ ধৰিলে। কিন্তু কি কৰিম ! মোৰ মনৰ কথা মইহে বুজিছোঁ, আনক বুজাবলৈ মোৰ উপায় নাই; আৰু বুজিবলৈকো কোনো নাই। পৃথিৱীত আন কোনোবাই মোৰ অন্তৰ ঢুকি পাইছে যদি, তেওঁ গোহাঞিদেৱ, এয়ে মোৰ সৰল বিশ্বাস। এই বিশ্বাসতে মই এফেৰি শান্তি পাওঁ।

মোৰ যেই হওক, গোহাঞিদেৱৰ কাৰণে চিন্তাই মোৰ অন্তৰ পুৰি-ডেই ছাই কৰিবলৈ ধৰিলে। ঘাট-মাউৰা গোহাঞিদেৱক আমাৰ ঘৰত সুখে-সন্তোষে ৰাখিবলৈ আনি এতিয়া জানিবা তেওঁক মাথোন আন্তৰিক অশান্তি দিয়া হৈছে। আৰু, ময়ে তাৰ কাৰণ হ'লো ! গোহাঞিদেৱৰ শোক-বেজাৰৰ মূল-কাৰণ মই! এই কথা মোৰ প্ৰাণে যে খন্তেকলৈকো নসহে। যাৰ সুখ-শান্তিৰ নিমিত্তে দিন-ৰাতিয়ে মোৰ [ ১২ ] ভাবনাৰ অন্ত নাছিল, যাৰ শোক-বেজাৰ পাহৰাবলৈ মই নানা কথা জুকিয়াই লৈছিলোঁ, আজি সেইজনৰ দুখৰ কাৰণ হ'লো মই! ইয়াতকৈ আৰু হিয়া-বিদৰোৱা কথা মোলৈ কি হব পাৰে ! হায়, এতিয়াও গোহাঞিদেৱৰ বিষাদৰ আচল কাৰণ মইহে বুজিছো। তেওঁ নো আজি কেইদিনমানৰপৰা মনটি কিয় আমোলাই ফুৰে, তাৰ গুঢ় অৰ্থ মইহে ঢুকি পাইছোঁ। আনে ভাবিছে, গোহাঞিদেৱে তেওঁৰ মাউৰা অৱস্থাৰ কথা ভাবিহে বেজাৰ মনেৰে ফুৰে। তেওঁৰ অন্তৰ নুবুজা সকলে বুজিছে, তেওঁ স্বৰ্গীয় দেউতাকলৈ মনত কৰিহে আমন-জিমনকৈ ফুৰে। এদিন দেউতাতে তাৰ প্ৰমাণ পালোঁ। গোহাঞিদেৱক মন মাৰি থাকিবৰ দেখি, এদিন দেউতাই তেওঁক কাষলৈ মাতি আনি এইদৰে বুজনি দিছিল, "দেউটি ! কিয়নো বেজাৰ কৰি থাকাঁ? মৰা মৰি গ'ল, এতিয়া সেইসকলে জীয়ালৈ পিঠিহে দিছেগৈ। এতিয়া তেওঁ দেৱতা, মনুষ্যৰ মৰম-ধৰম তেওঁত নাই। এই মৰতত যাৰপৰাই পিতৃৰ মৰম-চেনেহ পোৱা যায়, তেঁৱেই পিতৃতুল্য। সংসাৰত তৰিবলৈ পিতৃৰ সহায় যি লাগিব, তাৰ অভাৱ তোমাৰ নাই। মই জীয়াই থকা দিন কেইটাত তুমি তেনে অভাৱত পৰিব নালাগিব"। এয়াকে কৈ দেউতা নিৰৱ হ'ল, গোহাঞিদেৱ নিটাল মাৰিয়েই ৰ'ল। দেউতা নিৰৱ হৈছিল, গোহাঞিদেৱৰ পৰা কিবা উত্তৰ পাবলৈ বুলি; কিন্তু গোহাঞিদেৱে ফুটাই এটি কথাও নকলে। কিন্তু, হায়, দেউতাই যি বুজনি দিলে সি গোহাঞিদেৱৰ মৰ্ম্মবেদনা ঢুকি নাপালেগৈ। দেউতাই যি ভাবি সেই কেইআষাৰ জ্ঞান দিলে, সেই ভাবত গোহাঞিদেৱ আচলতে নাই। তেওঁ যি ভাবত, সেই ভাব মইহে বুজিছোঁ। মইহে তেওঁৰ মনৰ আচল ভাব বুজি উচিত বুজনি দিব পাৰিলোহেঁতেন। দেউতাই বুজাওঁতে মই বেৰ-জলঙাইদি জুমি চাই আছিলো। চাই চাই আৰু শুনি শুনি মোৰ মন উচ্ পিচাবলৈ ধৰিলে। মনত এনেহে লাগিছিল, যেন দেউতাৰ আধা-কোৱা [ ১৩ ] হওঁতেই ইফালৰ পৰা মই আচল কথাটো কৈ দিম! যি হওক দেউতাই বুজনি দিলে, গোহাঞিদেৱে শুনিলে। শুনিলে আৰু শুনিলে তেওঁ একো এটি উত্তৰ নিদি দেউতাৰ কাষৰ পৰা ভক্তিভাৱে আঁতৰি তেওঁৰ কোঠাত সোমালগৈ।

এই ভাৱেই আপদীয়া দিন আৰু কেইবাটাও পাৰ হ'ল। গোহাঞিদেৱৰ মনৰ বিকাৰ গুছাবলৈ মই একো এটা উপায় কৰিব নোৱাৰিলো। গোহাঞিদেৱে ভাবিছিল চাগৈ, মই একেবাৰে তেওঁলৈ পাহৰিলো বুলি। তেওঁ ভাবি লৈছিল জানো মই আপোন-মনে মহা সুখে আছো তেওঁৰ ভাবনা ভাবিবলৈ মোৰ দৰ্কাৰ কি? তেওঁ ভাবিছিল চাগৈ তেওঁৰ অন্তৰৰ বেদনা বুজোতা জগতত আৰু কেও নাই। এনে নিঠুৰ ধাৰণাত চাগৈ গোহাঞিদেৱৰ শোক দিনে বাঢ়িছিল। কিন্তু মোলৈ তেওঁৰ তেনে ভাব নিতান্ত অসহনীয়। মোক তেনে ভাবি যদি তেওঁৰ বেজাৰ বাঢ়িছিল তেন্তে মোতপৰ অভাগিনী আৰু জগতত নাই। ময়ে তেওঁৰ বেজাৰৰ ঘাই কাৰণ, ময়ে তেওঁৰ সেই বেজাৰ বঢ়াওঁতা ইয়াতকৈ আৰু ডাঙৰ সন্তাপৰ কথা মোলৈ কি হ'ব পাৰে! যি হওক কি উপায়ে নো গোহাঞিদেৱৰ মনৰ পৰা এই ভুল ধাৰনা গুচাব পাৰি তাৰ চিন্তাত ধৰিলো। ভাবি ভাবি একো উপায়-বুদ্ধি নাপাওঁ। কত পাঙ্গো কত ভাঙ্গো একো এটা স্থিৰ কৰিব নোৱাৰো। মোৰ উদ্দেশ্য হৈছে যে, মই গোহাঞিদেৱলৈ পাহৰা নাই বুলি কেনেকৈ তেওঁক জানিবলৈ দিয়া হয়। তেওঁ কেনেকৈ বুজিব পাৰে যে, মই সদায় তেওঁৰ ভাবনাতে আছো। কি উপায়ে তেওঁক গম পোৱাওঁ যে মই তেওঁক মোৰ প্ৰাণতকৈও ভাল পাওঁ। দুপৰীয়া নীৰলে সদায় এই চিন্তাত বহোঁ। দেউতা আৰু গোহাঞিদেৱ ৰজাঘৰলৈ ওলাই গলেই ইফালে মোৰ এই চিন্তা। চিন্তো হয়, কিন্তু এদিনো তাৰ অন্ত নাপাওঁ। এইদৰেই কেইবা দিনো গল। এদিন দুপৰীয়া এই চিন্তাত ভাগৰি ফুলনি[ ১৪ ] বাৰীত সোমালোগৈ। দেখিলো, মোৰ গোলাপ কেইজুপি ফুলি জক্‌মকাই আছে। তাৰে ভালকৈ ফুলা এপাহি আৰু ঢোপাকলি এটি তুলি ললো। কি ভাবি কব নোৱাৰো কোনোবা এপাকে গোহাঞিদেৱৰ শোৱা-কোঠাত সোমালোহি। সোমাই ইফালে-সিফালে চালো কোনো নাই। লাহেকৈ কলিটি আৰু ফুলপাহি যোৰ পাতি গোহাঞিদেৱৰ গাৰুটিৰ ওপৰতে সজাই থৈ লৰালৰিকৈ ওলাই আহিলো। গুপুতে এই কামফেৰি কৰি আহি মোৰ মনত কিবা এটা অসাধ্য সাধিলো যেন লাগিল। কিন্তু, এই কামৰ ফলাফল ভাবি মন আকৌ অস্থিৰ হবলৈ ধৰিলে। গোহাঞিদেৱে ভালপোৱা এটি কাম সাধি আহিছো, এনে ভাবে আনন্দত মোৰ মন ফুলাই তুলিছিল। কিন্তু আকৌ চালো, জানোবা তেওঁ আহি ইয়াৰ আচল তত্ব নোপোৱাকৈ এই কথা লৈ জন্ জনাই দিয়েহি! তেতিয়া ভিতৰে বাহিৰে হুলস্থুল লাগি উঠিব। দেউতাই পোনেই মোকহে ভাবিব। নাভাবিবলৈ, মোত বাজে এনে কৰিবলৈ আমাৰ ঘৰত আৰু আছে কোন? এই আশঙ্কাত মন আকৌ জ'য় পৰি আহিল। এইদৰেই এবাৰ এটা ভাবে মন ফুলাই তোলে, আকৌ আন এটাই মুদাই নিয়ে। এনে উগুল-থুগুল ভাবে মনৰ ভিতৰত উৎপাত লগাই থাকোতেই দেখিলো, গোহাঞিদেৱ আহি পদূলিমূৰ পালেহিয়েই! তেওঁ এতিয়াই ভিতৰ সোমাবহি? দেখি নো বুলিব কি? এই উতলা ভাবত মই তৰণি নোপোৱা হৈ উঠিলো। সেই মুহূৰ্ত্তটো মোলৈ বৰ সাংঘাতিক যেন লাগিল! গোহাঞিদেৱ সোমালেহি। ওলাই অহালৈ আৰু মোৰ বাট চাবৰ শক্‌তি নহল!